• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমত কিয় ১,৭০০ খন চৰকাৰী স্কুল বন্ধ হ’ল?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 14, 2022 12:45 pm
government schools in Assam
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ১,৭০০ খন চৰকাৰী স্কুল বন্ধ হোৱাৰ খবৰটো আমি কেনেদৰে ল’ম? এই কথাটো আমি সহজভাৱে লোৱা উচিতনে? যি কোনো এখন চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি? সেইকেইটা হ’ল শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থান। আনকি কৰ্মসংস্থানতকৈও শিক্ষা আৰু স্বাস্থ্য বেছি গুৰুত্বপূৰ্ণ। শিক্ষা আৰু স্বাস্থ্য কিয় ইমান গুৰুত্বপূৰ্ণ? চৰকাৰী স্কুল বন্ধ হোৱাৰ প্ৰসংগটো আহিছে কাৰণে আমি আজি শিক্ষাৰ কথাটোহে আলোচনা কৰিম। শিক্ষাৰ উদ্দেশ্য দুটা, এফালে ই প্ৰতিভা বিকাশৰ বাহক আৰু আনফালে ই জীৱিকাৰ আধাৰ। শিশু এটা জন্মৰ পিছত সেই কাৰণেই মাক, বাপেক আৰু অভিভাৱকে শিশুটিয়ে যাতে প্ৰকৃত শিক্ষা লাভ কৰে, তাৰ ওপৰত গুৰুত্ব দিয়ে।

শিক্ষাৰ তিনিটা স্তৰ: প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা। এই তিনিওটাৰ কাৰণে প্ৰয়োজন তিনিটা বস্তুৰ, তাৰ প্ৰথমটো হ’ল আন্তঃগাথনি অৰ্থাৎ স্কুলঘৰ, আচবাব, পুথিভঁৰাল, গৱেষণাগাৰ আৰু অন্যান্য সা-সুবিধা সমূহ, দ্বিতীয়টো হ’ল শিক্ষক-শিক্ষয়িত্ৰী, প্ৰয়োজনীয় কৰ্মচাৰী, আৰু তৃতীয়টো হ’ল পাঠ্যপুথি। এই তিনিওটাৰ দায়িত্ব কাৰ? নিসন্দেহে চৰকাৰৰ। কিয়? এখন দেশৰ ধৰণী কি? তাৰ জনসাধাৰণ নহয় জানো? কিন্তু এই জনসাধাৰণ এখন দেশৰ কাৰণে সম্পদো হ’ব পাৰে বা বোজাও হ’ব পাৰে। শিক্ষিত, বিকশিত প্ৰতিভাৰ লোক সম্পদ আৰু শিক্ষিত, অবিকশিত প্ৰতিভাৰ লোক বোজা।

Apply Now

এই যে শিক্ষাক আমি প্ৰতিভা বিকাশৰ ধাৰক বুলি কৈছোঁ- যিটোক স্বামী বিবেকানন্দই Education is the manifestation of perfection already in man বুলি কৈছিল, অৰ্থাৎ শিক্ষা হৈছে এজন মানুহৰ মাজত নিহিত প্ৰতিভাৰ বিকাশ। এই প্ৰতিভাৰ বিকাশৰ কাৰণে প্ৰয়োজন উপযুক্ত আন্তঃগাঁথনি থকা এখন স্কুল, যিখন স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে থাকিব অৰ্হতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰী, আৰু যিখন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ পাব গুণগত মানৰ পাঠ্যপুথি আৰু প্ৰসংগ পুথি।

এতিয়া প্ৰশ্ন হ’ল এইবোৰ কোনে কৰিব? এইবোৰৰ দায়িত্ব কাৰ? এইবোৰৰ দায়িত্ব আন কাৰো নহয়- চৰকাৰৰ। এখন স্কুলত এই সকলোবোৰ থাকিলে তালৈ ছাত্ৰ-ছাত্ৰী যাবলৈ আগ্ৰহ কৰিব নে নকৰে?নিশচয় কৰিব। আমাৰ অসমৰ কেইখন স্কুলত এই সুবিধাবোৰ আছে? বোধহয়, অসমৰ কোনোখন স্কুলতে থাকিবলগা ধৰণে এই সুবিধাবোৰ নাই। তাৰ দায়িত্ব কাৰ? নিসন্দেহে চৰকাৰৰ। এখন স্কুলত কিয় ছাত্ৰ-ছাত্ৰী নোহোৱা হয়? এখন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিয় এজনেও পাছ নকৰে? এতিয়াও কিয় মাত্ৰ এজন শিক্ষকে একোখন স্কুল চলাই থাকিব লগা হৈছে? এইবোৰৰ কাৰণে কোন দায়ী? আজিৰ পৰা কেই দশকমান আগলৈকে অসমীয়া মাধ্যমৰ স্কুলত পঢ়িয়ে কিয় মেট্ৰিক পাছ কৰা ছাত্ৰ এগৰাকীয়ে ইংৰাজী ভাষা শুদ্ধকৈ লিখিব আৰু ক’ব পাৰিছিল আৰু আজি কেনেকৈ শিক্ষাৰ মান ইমান বেয়া হ’ল, পৰি আহিল?

চৰকাৰী স্কুলবোৰ যেতিয়া এনেকৈ পৰি আহিছে ব্যক্তিগত খণ্ডৰ স্কুলবোৰ কিয় উঠি আহিছে? ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ বা নামমাত্ৰ পইছাত প্ৰকৃত শিক্ষা প্ৰদান কৰাটো চৰকাৰৰ কৰ্তব্য আছিল। সেই কথাটোকে আমি আৰম্ভণিতে উল্লেখ কৰিছোঁ। এতিয়া ব্যক্তিগত খণ্ডৰ স্কুলত পইছা খৰচ কৰি কিয় ধনী-দুখীয়া সকলোৱে নিজৰ ল’ৰা-ছোৱালী পঢ়ুৱাব লগা হৈছে। অলপীয়া উপাৰ্জনৰ পৰিয়ালেও নানা কষ্টৰ মাজেৰে কিয় নিজৰ ল’ৰা-ছোৱালীক দামী ব্যক্তিগত খণ্ডৰ স্কুললৈ পঠিয়াব লগা হৈছে? তাৰ বাবে দায়ী কোন? সেয়ে আমি চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ একেলগে কেনেকৈ ইমান কেইখন চৰকাৰী স্কুল বন্ধ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল? ইয়াৰ বাবে চৰকাৰক জগৰীয়া নকৰি আমি কাক জগৰীয়া কৰিম?

প্ৰশ্নটো হ’ল চৰকাৰী স্কুলবোৰ মৰি অহা সময়ত ব্যক্তিগত স্কুলবোৰ কিয় থনধৰি উঠিছে। এতিয়া ধনী ধনী ব্যৱসায়ীয়ে কিয় স্কুল খোলাত তেওঁলোকৰ ধন বিনিয়োগ কৰিব ধৰিছে? সৌসিদিনা অতি জাকজমকতাৰে স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নীয়ে বন্দ্যা ইন্টাৰনেশ্যনেল স্কুল নামেৰে এখন আটক ধুনীয়া স্কুল খুলিছে আমিন গাঁৱত। এফালে একেলগে প্ৰায় দুহেজাৰখন স্কুল বন্ধ হোৱাৰ খবৰ আৰু আনফালে ইমান খৰচী ব্যক্তিগত স্কুল? তাকো খুলিছে স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালে! এই ঘটনাটো আমি এটা সহজ আৰু স্বাভাৱিক ঘটনা বুলি ধৰি ল’মনে? ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোনটো কথাত বেছি গুৰুত্ব দিয়া উচিত? নিজৰ পৰিয়ালৰ উদ্যোগত পঞ্চ তাৰকা যুক্ত বিলাসী হোটেলৰ দৰে অত্যাধুনিক স্কুল খোলাত নে চৰকাৰী স্কুলবোৰ যাতে সকলো ফালৰ পৰা ভালদৰে চলি থাকে তাৰ ওপৰত?

আমাৰ কাৰণে এইটো এটা অতি দুৰ্ভাগ্যজনক কথা যে এনে গুৰুত্বপূৰ্ণ কথাবোৰ আজিকালি প্ৰচাৰ মাধ্যমৰ সাময়িক বিতৰ্কৰ উত্তেজনা শাম কটাৰ লগে লগে মানুহে পাহৰি যায়। এইবোৰ বিষয়ে আমাৰ জনমানস আলোড়িত নকৰে। এইবোৰ বিষয় বিধানসভাৰ মজিয়াত আলোচনা নহয়। আমাৰ সমাজৰ কাৰণে ইয়াতকৈ পৰিতাপৰ কথা কি হ’ব পাৰে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd