ভাৰতীয় সেনাৰ গুলীত নিহত হ’ল উয়িং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাক কমাণ্ড’
ভাৰতীয় বায়ুসেনাৰ পাইলট উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক বন্ধী কৰাৰ আঁৰত থকা এগৰাকী পাকিস্তানী কমাণ্ড’ ভাৰতীয় সেনা বাহিনীৰ গুলীত নিহত হৈছে।
যোৱা ১৭ আগষ্টত এল অ’ চি(LoC)ত ভাৰতীয় সেনাই কৰা গুলীবৰ্ষণত পাক সেনাৰ স্পেচিয়েল ছাৰ্ভিছ গ্ৰুপৰ সুবেদাৰ আহমেদ খান নামৰ কমাণ্ড’ গৰাকী নিহত হয়। সূত্ৰত প্ৰকাশ।
সূত্ৰটোৰ মতে, ১৭ তাৰিখে এল অ’ চিৰ নক্যাল চেক্টৰত (Nakyal sector) আহমেদ খানে ভাৰতত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি থকাৰ সময়তে তেওঁক গুলীয়াই নিহত কৰা হয়।
উল্লেখযোগ্য যে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত আকাশী সীমা উলংঘন কৰি ভাৰতত প্ৰৱেশ কৰা পাক বায়ুসেনাৰ F-16 যুঁজাৰু বিমানৰ পাছ লোৱা ভাৰতীয় যুঁজাৰু বিমানৰ মাজত উয়িং কমাণ্ডাৰ অভিনন্দনে চলোৱা MiG-21 বিমানখনো আছিল।
পাকিস্তানী বিমানখনে এৰা মিছাইলৰ আঘাতত অভিনন্দনৰ বিমানখন ক্ষতিগ্ৰস্ত হৈছিল আৰু ২৭ ফেব্ৰুৱাৰিত তেওঁ পাক সেনাৰ কবলত পৰে।
ইয়াৰ পিছত পাকিস্তানে উয়িং কমাণ্ডাৰ গৰাকীক বন্দী কৰা কেইবাখনো ফটো প্ৰকাশ কৰিছিল, ইয়াৰে এখন ফটোত যোৱা ১৭ তাৰিখে ভাৰতীয় সেনাই নিহত কৰা আহমেদ খানৰ ছবি আছে।
ফটোখনত উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ পিছফালে থিয় হৈ থকা মুখত দাড়ি থকা পাকিস্তানী সেনা জোৱান গৰাকীয়ে হৈছে কমাণ্ড’ আহমেদ খান।
প্ৰাপ্ত তথ্য মতে, আহমেদ খানে নৌশেৰা (Naushera), সুন্দৰবানী (Sunerbani) আৰু পল্লন ৱালা (Pallan Wala) চেক্টৰত ভাৰতলৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি আহিছিল।