NORTHEAST NOW (Assamese)

লজ্জাজনক! দক্ষিণ কোৰিয়াত চকলেট, টুপি চুৰি কৰি ধৰা পৰিল পাকিস্তানৰ দুগৰাকী কূটনীতিবিদ

April 27, 2021 6:33 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

পাকিস্তানৰ দুজন কূটনীতিবিদে দক্ষিণ কোৰিয়াত সংঘটিত কৰিলে এটা লজ্জাজনক কাণ্ড।

কূটনীতিবিদ দুজনে দেশখনৰ ৰাজধানী ছিউলৰ এখন দোকানত কোনেও নেদেখাকৈ কিছুমান সামগ্ৰী মনে মনে মোনাত ভৰায় লয়।

‘দ্যা কোৰিয়া টাইমছ’ নামৰ সংবাদপত্ৰখনৰ এক বাতৰিমতে, কোৰিয়াৰ পাকিস্তান দূতাবাসত কৰ্মৰত কূটনীতিবিদদুজনে বেলেগ বেলেগ তাৰিখত ছিউলৰ এক দোকানৰ ক্ৰমে ১০ ডলাৰ আৰু ১.৭০ ডলাৰ মূল্যৰ সামগ্ৰী চুৰি কৰি ধৰা পৰে।

অভিযোগ অনুসৰি এজনে ১০ জানুৱাৰী তাৰিখে এজনে ১.৭০ ডলাৰ মূল্যৰ চকলেট চুৰ কৰাৰ বিপৰীতে আনজনে ২৩ ফেব্ৰুৱাৰীত ১০ ডলাৰ মূল্যৰ এটা টুপি চুৰ কৰে।

ইয়াৰ পাছতে দোকানখনত নিয়োজিত এজন কৰ্মীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ প্ৰত্যক্ষ কৰি দুয়োজন লোককে চিনাক্ত কৰে।

অনুসন্ধানৰ শেষত, দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে দুয়োজন কূটনীতিবিদৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে গোচৰটো শেষ কৰে।

উল্লেখযোগ্য যে  ৰাষ্ট্ৰসংঘৰ ১৯৬১ চনৰ ভিয়েনা কনভেচনছৰ কূটনৈতিক সম্পৰ্কৰ নীতি অনুসৰি কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই তেওঁলোকে কৰ্মৰত দেশখনত গ্ৰেপ্তাৰৰ দৰে আইনী ব্যৱস্থাৰ পৰা ৰেহাই লাভ কৰিব পাৰে।

Related News