দ্বিতীয়জন ভাল বেগী বলাৰৰ অভাৱে বাংলাদেশৰ বিশ্বকাপত পৰাজয়ৰ মূল কাৰণ আখ্যা দিলে ছোৱেইব আখতাৰে

Soaib Akhtar Pakistan

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

মঙলবাৰে বাৰ্মিঙহামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ এখন খেলত ভাৰতৰ হাতত বাংলাদেশ পৰাস্ত হোৱাৰ পাছত বাংলাদেশৰ পৰাজয় সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে।

আখতাৰৰ মতে বাংলাদেশ দলটোত মুস্তাফিজুৰ ৰহমানক সংগ দিব পৰাকৈ এজন ভাল বেগী বলাৰৰ অভাৱৰ বাবই দলটোৱে বিশ্বকাপত উন্নত প্ৰদৰ্শন কৰিও ছেমিফাইনেলত প্ৰৱেশত ব্যৰ্থ হ’বলগীয়া হয়। ভাৰতৰ বিৰুদ্ধে খেলখনত মুস্তাফিজুৰ ৰহমানে চমকপ্ৰদ বলিঙেৰে পাঁচটা উইকেট দখল কৰাৰ পাছত বাংলাদেশৰ তৰুণ বাওঁহতীয়া বেগী বলাৰগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আখতাৰ।

উল্লেখযোগ্য যে, মঙলবাৰে ভাৰতে বান্ধি দিয়া ৩১৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশ দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ২৮৬ ৰাণ সংগ্ৰহ কৰে আৰু ২৮ ৰাণত পৰাজিত হয়।

পাকিস্তানী বেগী বলাৰ আখতাৰে বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিবুল হাছানকো প্ৰশংসা কৰে আৰু দলটোৰ যুঁজাৰু মানসিকতাৰ সলাগ লয়।

ভাৰতৰ  প্ৰসংগত আখতাৰে বিশ্বকাপ প্ৰতিযোগিতাত ভাৰত তেওঁৰ অন্যতম ফেভাৰিট দল বুলি উল্লেখ কৰাৰ লগতে বুমৰাহ আৰু ৰোহিত শৰ্মাৰ খেলৰ দমনীয় ধাৰাক প্ৰশংসাৰে ওপচাই পেলায়।