NORTHEAST NOW (Assamese)

অভাৱ নে স্বভাৱ! ভাইৰেল পাকিস্তানৰ মন্ত্ৰীৰ দাঁতেৰে ফিটা কাটি দোকান মুকলিৰ ছবি

September 4, 2021 2:10 pm · এন ই নাও নিউজ

প্ৰথমতে তেওঁ কেঁচিৰে ফিটা কটাৰ চেষ্টা কৰিছিল। দুবাৰ চেষ্টা কৰাৰ পাছত ব্যৰ্থ হৈ নিজৰ দাঁতেৰেই ফিটা কাটি দোকান মুকলি কৰে আৰু ভিতৰত প্ৰৱেশ কৰে। পাকিস্তানৰ এগৰাকী মন্ত্ৰীৰ এনে কাণ্ড ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

শুকুৰবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ছবিৰ সম্পৰ্কত কোৱা হৈছে যে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মন্ত্ৰী ফায়াজ উল হাছান চৌহানে ৰাৱালপিণ্ডিত তেওঁৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলত এখন দোকান মুকলি কৰিবলৈ গৈছিল।

তাত মন্ত্ৰীগৰাকীয়ে প্ৰথমতে কেঁচিৰে ফিটা কটাৰ চেষ্টা কৰে যদিও দুবাৰ চেষ্টা কৰাৰ পাছত ব্যৰ্থ হৈ নিজৰ দাঁতেৰেই ফিটা কাটি দোকান মুকলি কৰি ভিতৰত প্ৰৱেশ কৰে।

মন্ত্ৰীগৰাকীৰ এই দোকান মুকলিৰ ভিডিঅ’ পাকিস্তান ডেইলী টুইটাৰত প’ষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে।

পাকিস্তানৰ মন্ত্ৰীগৰাকীৰ এনে কাণ্ডই ছচিয়েল মিডিয়াত কৌতুকৰ সৃষ্টি কৰিছে।

 

Related News