দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পূৰ্বৰ দিনত তুলনাত কিছু নিম্নগামী হ’লেও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪২হাজাৰ ৬১৮ জন লোক। ইয়াৰ ভিতৰত অকল কেৰেলাতেই আক্ৰান্ত হৈছি ২৯হাজাৰতকৈয়ো অধিক লোক।
দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ২৯লাখ ৪৫হাজাৰ ৯০৭জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩৩০ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪০হাজাৰ ২২৫জন।
দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৬ হাজাৰ ২৮৫জন।
দেশত এতিয়ালৈকে মুঠ ৩কোটি ২১ লাখ ১জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়য়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৫হাজাৰ ৬৮১জন।
ইপিনে, দেশত এতিয়ালৈকে ৬৭কোটি ৭২ লাখ ১১হাজাৰ ২০৫ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৫৮ লাখ ৮৫ হাজাৰ ৬৮৭ জন লোকক ভেকচিন দিয়া হৈছে।
আইচিএমআৰৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১৭ লাখ ৪হাজাৰ ৯৭০টা নমুনা পৰীক্ষা কৰা হৈছে।
দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে সংক্ৰমণৰ হাৰ নিম্নগামী নোহোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে।