সন্ত্ৰাসবাদীৰ বাবে জম্মুত পাকিস্তানে ড্ৰোণেৰে পেলাই যোৱা অস্ত্ৰ উদ্ধাৰ

সীমান্তত ভাৰত আৰু চীনৰ মাজত উত্তেজনা চলি থকাৰ মাজতে পাকিস্তানে ভাৰত বিৰোধী কাৰ্য্যকলাপ অব্যাহত ৰাখিছে।

সুৰক্ষা বাহিনীয়ে মঙলবাৰে জম্মুৰ আখনোৰ অঞ্চলত পাকিস্তানী ড্ৰোণে পেলাই থৈ যোৱা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

স্থানীয় আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানৰ সময়তে অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ হয়।

উদ্ধাৰহোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত দুটা একে-৪৭ ৰাইফল, তিনিটা একে মেগজিন, ৯০ একে বুলেট আৰু দুটা পিস্তল।

উল্লেখযোগ্য যে, ভাৰতৰ ভূমিত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ বৃদ্ধিৰ বাবে পাকিস্তানে এনেদৰে গোপনে ড্ৰোণৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰি আহিছে।

ইয়াৰ পূৰ্বেও সুৰক্ষা বাহিনীয়ে বহুবাৰ পাকিস্তানৰ তৰফৰ পৰা সন্ত্ৰাসবাদী সকলৰ বাবে প্ৰেৰণ কৰা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে।

পাকিস্তানে মূলত জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱৰ বিভিন্ন স্থানত এনেদৰে অস্ত্ৰ-শস্ত্ৰৰ যোগন ধৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনতো প্ৰকাশ পাই আহিছে।