NORTHEAST NOW (Assamese)

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক নিজৰ পিতৃ বুলি চাঞ্চল্যকৰ দাবী পাকিস্তানী মহিলাৰ

September 8, 2020 12:37 pm · এন ই নাও নিউজ

নিৰ্বাচনক লৈ অত্যন্ত ব্যস্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প। নিজৰ বিজয় সাৱ্যস্ত কৰি তুলিবলৈ ডেম’ক্ৰেটসকলক তীক্ষ্ণ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ট্ৰাম্পে।

ইয়াৰ মাজতে পাকিস্তানৰ এগৰাকী মহিলাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তেওঁৰ পিতৃ বুলি দাবী কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহিলাগৰাকীয়ে আনকি নিজৰ পিতৃৰ কাষলৈ যাবৰ বাবে অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে।

ছচিয়েল মিডিয়াত মহিলাগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

বাতৰি অনুসৰি, মহিলাগৰাকীৰ নাম হৈছে আম্মাৰা মাজহাৰ। সংবাদ মাধ্যমৰ সন্মুখত আম্মাৰাই দাবী কৰে যে তেওঁ ডোনাল্ড ট্ৰাম্পৰ সন্তান। তেওঁৰ মাতৃৰ সৈতে হেনো ট্ৰাম্পৰ নিয়মিত সম্পৰ্ক হৈছিল।

কিছু ‘গোপন ৰহস্য’ৰ কথাও জানিব দি আম্মাৰাই কয় যে ট্ৰাম্পে হেনো তেওঁৰ মাতৃক দায়িত্বজ্ঞানহীন বুলিও কৈছিল। তদুপৰি, আম্মাৰাই ট্ৰাম্পৰ সৈতে বৰদিন পালনৰ কথাও সদৰী কৰে।

ডোনাল্ড ট্ৰাম্পৰ তিনিবাৰ বিয়া পতাৰ কথা জানিব পৰা যায়। সত্তৰৰ দশকত চেজ মডেল ইভানা জেলনিক’ভাক বিয়া কৰাইছিল ট্ৰাম্পে।

তেওঁলোকৰ তিনিগৰাকী সন্তান হৈছে ডোনাল্ড ট্ৰাম্প জুনিয়ৰ,এৰিক ট্ৰাম্প আৰু ইভাংকা ট্ৰাম্প।

ইভানাৰ সৈতে সৈতে বৈবাহিক জীৱন-যাপন কৰি থকাৰ সময়তে অবিনেত্ৰী মাৰলা মেপেলছৰ সৈতে সম্পৰ্ক গঢ়ি উঠে ট্ৰাম্পৰ।

১৯৯১চনত ইভানাৰ সৈতে ট্ৰাম্পৰ বিবাহ-বিচ্ছেদ ঘটে আৰু তাৰ দুই বছৰ পাছতে তেওঁ মেপেলছক বিয়া কৰায়। তেওঁলোকৰ টিফনি নামৰ এগৰাকী কন্যা সন্তান আছে। ১৯৯৯ চনত মাৰলাৰ সৈতেও ট্ৰাম্পৰ বিবাহ বিচ্ছেদ ঘটে।

আনহাতে, ইয়াৰ মাজতে তেওঁ শ্ল’ভেনিয়াৰ মডেল মেলানিয়াৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আৰু ২০০৫চনত ট্ৰাম্পে মেলানিয়াক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তানটোৰ নাম হৈছে বেৰন ট্ৰাম্প।

কিন্তু এইবাৰ ট্ৰাম্পৰ বংশলতাৰ অংশ হোৱাৰ দাবী কৰিছে এইগৰাকী পাকিস্তানী মহিলাই। অৱশ্যে, এই বিষয়টোৱে আমেৰিকাৰ নিৰ্বাচনী বতাহত এতিয়াও খুন্দা মৰা নাই।

নকলেও চলে, যোৱা নিৰ্বাচনৰ সময়তো আন এক বিতৰ্কৰ মাজত সাঙোৰ খাই পৰিছিল ডোনাল্ড ট্ৰাম্পৰ। সেইবাৰ এগৰাকী পৰ্ণষ্টাৰ ষ্টোৰ্মি ডেনিয়েলছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেহজ সম্পৰ্ক থকাৰ দাবী কৰিছিল।

Related News