NORTHEAST NOW (Assamese)

বিপদে এৰা নাই লগ! ইমৰান খানলৈ গ্ৰেপ্তাৰী পাৰোৱানা নিৰ্বাচন আয়োগৰ

January 10, 2023 5:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 10, 2023 6:33 pm

বিপদে লগ নেৰা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। যোৱা বৰ্ষত দেশৰ শাসনৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পাছত কেইবাবাৰো আইনী ৰোষত পৰা ইমৰান খানলৈ গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে।

আদালত অৱমাননা কৰাৰ অভিযোগত পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতাগৰাকীৰ লগতে আছাদ উমৰ আৰু ফাৱাদ চৌধুৰীলৈ জামিনযোগ্য গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে নিৰ্বাচন আয়োগে।

যোৱা বৰ্ষৰ আগষ্ট মাহত ইছলামবাদত অনুষ্ঠিত এক সমাৱেশৰ সময়ত এগৰাকী মহিলা ন্যায়াধীশৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

২০ আগষ্টত ইছলামাবাদত অনুষ্ঠিত এক সমাৱেশৰ সময়ত ৬৯ বছৰীয়া খানে তেওঁৰ সহায়ক শ্বাহবাজ গিলৰ বিৰুদ্ধে কৰা ব্যৱহাৰক লৈ আৰক্ষীৰ শীৰ্ষ বিষয়া, নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দিছিল।

আৰক্ষীৰ অনুৰোধত দুদিনৰ বাবে গিলৰ ৰিমাণ্ডত অনুমোদন জনোৱা অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ জেবা চৌধুৰী জেবা চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি খানে ন্যায়াধীশ গৰাকীয়ে নিজকে ইয়াৰ বাবে প্ৰস্তুত কৰিব লাগে বুলি ভাবুকি দিছিল।

এই ভাষণৰ কেইঘণ্টামান পিছতে ৰেলীত আৰক্ষী, ন্যায়পালিকা আৰু অন্যান্য ৰাজ্যিক প্ৰতিষ্ঠানক ভাবুকি দিয়াৰ অভিযোগত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

Related News