DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কাশ্মীৰী পণ্ডিতক লৈ দুতলীয়া আচৰণ প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ! কাণসাৰ নাই কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 4:38 pm
kashmiri pandit protest
96
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰী পণ্ডিতৰ ক্ষেত্ৰত বিজেপি চৰকাৰে চৰম দুতলীয়া আচৰণ কৰা দেখা গৈছে। যোৱা কেইবামাহো ধৰি নিৰৱচ্ছিন্নভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে জন্মু কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলে।

উল্লেখ্য যে বিবেক অগ্নিহোত্ৰীৰ প্ৰপাগাণ্ডামূলক ছবি দ্য কাশ্মীৰ ফাইলছকলৈ ভীষণ ব্যস্ত হৈ পৰিছিল কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহ। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেটত আহ্বান জনাইছিল যে ছবিখন সকলো দেশবাসী চোৱা উচিত।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কৈছিল যে ছবিখনে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলি অহা অকথ্য নিৰ্যাতনক পোহৰলৈ আনি ছবিখনে ঐতিহাসিক দায়িত্ব পালন কৰিছে। ইপিনে বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰেও ছবিখন চাবলৈ কৰ্মচাৰীসকলক অৰ্ধছুটী পৰ্যান্ত দিছিল।

অৰ্থাৎ দ্য কাশ্মীৰী ফাইলছক লৈ বিজেপি দল আৰু বিজেপি চৰকাৰে মোনা ভৰাই ৰাজনীতি কৰিলে। যিসকল কাশ্মীৰী পণ্ডিতৰ ওপৰত নিৰ্মিত ছবিকলৈ মোদী চৰকাৰ আৰু বিজেপিয়ে জুলুঙা ভৰাই ৰাজনীতি কৰিলে তেওঁলোক এতিয়া কেনে আছে?

ছবিখনকলৈ জুলুঙা ভৰাই ৰাজনীতি কৰি কাশ্মীৰী পণ্ডিতৰ বিৰুদ্ধে পিঠি দিছে নেকি চৰকাৰে? কাশ্মীৰী পণ্ডিতৰ জীৱন মৰণকলৈ ৰাজনীতি কৰিছে নেকি মোদী চৰকাৰে? কাশ্মীৰী পণ্ডিতসকলে কেইবামাহ ধৰি কৰি অহা তীব্ৰ প্ৰতিবাদে সমুখলৈ আনিছে এই প্ৰশ্নৰ।

যোৱা জুন মাহৰ পৰাই জন্মুত কাশ্মীৰী পণ্ডিতসকলে নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। পি এম পেকেজৰ অধীনৰ কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলে নিৰাপত্তাজনিত কাৰণত তেওঁলোকৰ বদলিকৰণৰ দাবী কৰি আহিছে।

যোৱা বছৰৰ মাজভাগত কেইবাগৰাকীও কাশ্মীৰী পণ্ডিত হত্যাৰ বলি হোৱা পাছতে কাশ্মীৰী পণ্ডিতসকল জীৱনৰ নিৰপত্তাহীনতাত ভুগি আহিছে। কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰ উপত্যকা থকা ঘৰবাৰী ত্যাগ কৰি জম্মু উপত্যকাত গুচি যায়।

ইয়াৰ পাছতে জীৱন আৰু জীৱিকাৰ নিৰাপত্তা বিচাৰি কাশ্মীৰী পণ্ডিতসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই নিৰন্তৰ প্ৰতিবাদে এতিয়া ২৫০ দিন অতিক্ৰম কৰিছে।

পি এম পেকেজৰ অধীনত কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰৰ পৰিৱৰ্তে দেশৰ অন্যান্য প্ৰান্তলৈ বদলিকৰণৰ দাবী উত্থাপন কৰিছে। কাশ্মীৰী পণ্ডিতসকলৰ দাবী যে কাশ্মীৰত তেওঁলোক আৰু তেওঁলোকৰ সন্তান ভৱিষ্যৎ সুৰক্ষিত নহয়।

কিন্তু চৰকাৰে কাশ্মীৰী পণ্ডিতসকলৰ এই দাবী মানি লোৱাৰ পৰিৱৰ্তে প্ৰত্যাখানহে কৰিছে। আনকি জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কৰ্তব্য যোগদান নকৰা কাশ্মীৰ পণ্ডিতসকলৰ দৰমহা বন্ধ কৰা হ’ব বুলি জাননী জাৰি কৰে।

ইয়াৰ পাছতে কাশ্মীৰী পণ্ডিতসকলে আৰ্থিক সংকটত পৰিছে। চৰকাৰে এক সুস্থিৰ সিদ্ধান্ত আৰু জীৱন-জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বিপৰীতে এই পদক্ষেপ লোৱাৰ পাছতে কাশ্মীৰী পণ্ডিতসকলে বিজেপিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে।

কাশ্মীৰী পণ্ডিতসকলে সমস্যা সমাধান বিচাৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এতিয়ালৈকে অতি কমেও ২৫০০ খন পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু কাশ্মীৰী পণ্ডিতসকলৰ অভিযোগ যে এতিয়াও ৪৫০০ কাশ্মীৰী পণ্ডিতক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ লিখিত আশ্বাস দিয়া নাই চৰকাৰে।

বৰং চৰকাৰে জীৱনকলৈ আতংকগ্ৰস্ত, শংকিত কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰ উপত্যকালৈ উভতি যাবলৈহে বাধ্য কৰা বুলিও অভিযোগ কৰিছে। অৰ্থাৎ কোনো সুৰক্ষা তথা নিৰাপত্তা ব্যৱস্থা গঢ়ি নোতোলাকৈ কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰ উপত্যকালৈ ওভতাই পঠোৱাৰ বাবে চৰকাৰীভাৱে হেঁচা প্ৰয়োগ কৰা হৈছে।

এতিয়া প্ৰশ্ন হৈছে, বিবেক অগ্নিহোত্ৰী প্ৰপাগ’ণ্ডাধৰ্মী ছবি দ্য কাশ্মীৰ ফাইলছক লৈ হৈ চৈ কৰি ৰাজনীতিৰে মুনাফা লোৱা মোদী চৰকাৰে কিয় কাশ্মীৰ পণ্ডিতৰ দাবীৰ প্ৰতি সহানুভূতিশীল নহয়?

মুনাফা লাভৰ ৰাজনীতি কৰাৰ বাবেই চাগে প্ৰধানমন্ত্ৰী মোদী চৰকাৰে কাশ্মীৰী পণ্ডিতৰ ২৫০ দিনৰো অধিক অবিৰত প্ৰতিবাদক কোনো ভ্ৰূক্ষেপ নকৰি কাশ্মীৰী পণ্ডিতৰ জীৱন-জীৱিকাক লৈ হয়তো হেতালি খেলি আহিছে।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd