NORTHEAST NOW (Assamese)

ৰাজনৈতিক নাটৰ যৱনিকা: আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব শ্বাহবাজ শ্বৰীফে

April 11, 2022 7:42 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত ৰাজনৈতিক অস্থিৰতাৰ যৱনিকা পৰিল পাকিস্তানত। দেশখনত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ পাছত আজি অন্ত পৰিল সকলো জল্পনা-কল্পনা।

দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে আজি ক্ষমতাত অধিষ্ঠিত হ’ব শ্বেহবাজ শ্বৰীফ। আজি নিশা পাকিস্তানৰ ২৩ তম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাকিস্তান মুছলিম লীগ (নৱাজ)ৰ সভাপতিজনে।

উল্লেখ্য যে দুৰ্নীতিৰ কেইবাটাও গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ শ্বেহবাজ শ্বৰীফে নেচনেল এচেম্বলীত ইমৰান খানৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা অভিযোগৰ নেতৃত্ব দিছিল।

প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হোৱা শ্বেহবাজ শ্বৰীফে দেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ আঁৰত বিদেশী ষড়যন্ত্ৰ জড়িত আছে বুলি ইমৰান খানে তোলা অভিযোগ অস্বীকাৰ কৰিছে।

এই সমগ্ৰ ঘটনাৰাজিক এক নাটক আখ্যা দিছে শ্বৰীফে। লগতে তেওঁ এয়া ষড়যন্ত্ৰ বুলি প্ৰমাণিত হ’লে পদত্যাগ কৰিব বুলিও ঘোষণা কৰিছে।

ইতিপূৰ্বে দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বাহবাজে। সেয়াই নহয়, তেওঁ পঞ্জাৱ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল। তিনিবাৰকৈ তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰিফে দেশ ত্যাগ কৰাৰ পিছত পাকিস্তান মুছলীম লীগৰ সভাপতি পদত অধিষ্ঠিত হয় শ্বাহবাজ।

শ্বাহবাজ শ্বৰিফ ২০১৮ চনৰ ১৩ আগষ্টত পাকিস্তানৰ নেশ্যনেল এছেম্বলিৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

অনাস্থা ভোটত ইমাৰন খানক ক্ষমতাচ্যুত কৰাৰ পিছত নেশ্যনেল এছেম্বলিত শ্বাহবাজে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰে।

পাকিস্তানৰ জনসাধাৰণৰ ইচ্ছানুসৰিয়েই এই পৰিস্থিতি আহি পৰিছে বুলি তেওঁ মন্তব্য কৰিছিল।

Related News