যুদ্ধ নহয় শান্তি লাগে : গুৱাহাটীত পেলেষ্টাইন সংহতি দিৱস পালন বাওঁপন্থী সংগঠনৰ

গাজাত ইজৰাইলৰ গণহত্যা বন্ধ কৰা, পেলেষ্টাইনবাসীলৈ মানৱীয় সাহায্য নিশ্চিত কৰা, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰা আদি দাবীৰ প্ৰতি সংহতি জনাই ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই), চি আই টি ইউ,অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে (এ কে এছ ইউ) যৌথভাৱে আজি গুৱাহাটীত পেলেষ্টাইন সংহতি দিৱস পালন কৰে ৷ 

সংগঠনসমূহৰ শতাধিক কৰ্মকৰ্তাই দিনৰ ১১ বজাত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত সমৱেত হৈ ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ’ নামত ইজৰাইলে আমেৰিকা সাম্ৰাজ্যবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত পেলেষ্টাইনত যি ৰক্তক্ষয়ী আক্ৰমণ চলাই নিছে তাক ধিক্কাৰ দি ধ্বনি দিয়াৰ লগতে অনতিপলমে পেলেষ্টাইনৰ নিৰিহ জনতাৰ হত্যাকাণ্ড বন্ধ কৰাৰ দাবী জনায় ৷ 

প্ৰতিবাদকাৰী সকলক সম্বোধন কৰি বৰ্ষীয়ান ৰাজনীতিবিদ উদ্ধৱ বৰ্মনে কয় যে ভাৰতবৰ্ষই আৰম্ভণিৰে পৰাই পেলেষ্টাইনৰ জনসাধাৰণৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ পক্ষে দৃঢ়তাৰে থিয় দি আহিছিল যদিও বৰ্তমানৰ মোডী চৰকাৰে আমেৰিকাৰ সাম্ৰাজ্যবাদৰ কনিষ্ঠ সহযোগী হ’বলৈ গৈ দেশৰ স্বাধীন বৈদেশিক নীতি জলাঞ্জলী দি ইজৰাইলৰ পক্ষহে লোৱা পৰিলক্ষিত হৈছে ৷ তাৰেই প্ৰতিফলন মানৱীয় যুদ্ধ বিৰতিৰ  বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱত ভাৰতৰ ভোটদানৰ পৰা বিৰত থকা ৷ গাজাত ইজৰাইলৰ বিধ্বংসী আক্ৰমনৰ মূল লক্ষ্য সাধাৰণ নিৰিহ জনতা আৰু শিশু সকল ৷ এই ৰক্তক্ষয়ী আগ্ৰাসনৰ বিৰুদ্ধে সকলো শান্তিপ্ৰিয় লোক গৰ্জি উঠা প্ৰয়োজন ৷ লগতে বৰ্তমানৰ মোডী চৰকাৰে গ্ৰহণ কৰা স্থিতিকো তেওঁ কঠোৰ ভাষাৰে নিন্দা কৰে ৷ 

চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ পক্ষৰ পৰা পেলেষ্টাইন সংহতি দিৱসৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি কয় যে ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ’ নামত গাজাত নিৰ্বিচাৰে নিৰিহ লোকৰ তেজেৰে ফাঁকু খেলা ইজৰাইল আমেৰিকা সাম্ৰাজ্যবাদৰ সমৰ্থনপুষ্ট এক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ ৷ আমাৰ দেশৰ চৰকাৰে পৰিচালনা কৰা বিজেপি দলে এই আগ্ৰাসনক মুছলিম বিদ্বেষ সম্প্ৰসাৰিত কৰাৰ কুৎচিত প্ৰয়াস চলাইছে ৷ পেলেষ্টাইনৰ জনসাধাৰণে নিজ ভূখণ্ডতে বন্দীৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ প্ৰতিবাদকাৰী সকলৰ সন্মূখত বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা শতঞ্জীৱ দাস, চি আই টি ইউৰ অসম ৰাজ্যিক সম্পাদক তপন শৰ্মা, এছ এফ আইৰ ৰাজ্যিক সম্পাদক  সংগীতা দাস, অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন  দাস, অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই বক্তব্য আগবঢ়ায় ৷ 

উল্লেখ্য যে গুৱাহাটীৰ উপৰিও বঙাইগাঁও, বিজনী, বিশ্বনাথ চাৰিআলি, যোৰহাট, সৰুক্ষেত্ৰী, ৰঙিয়া, ডিব্ৰুগড় আদি ৰাজ্যখনৰ বিভিন্ন স্থানত সংগঠনকেইটাৰ উদ্যোগত পেলেষ্টাইন সংহতি দিৱস পালন কৰা হয় ৷