NORTHEAST NOW (Assamese)

টীয়কত ২০২১ৰ ৰণডংকা বজালে কংগ্ৰছে : বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ

March 8, 2021 4:58 pm · নীৰ্মলেন্দু পাঠক
Updated: March 8, 2021 4:59 pm

২০২১ ৰ বিধান সভা নিৰ্বাচনৰ ৰণডংকা বজাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে আজি মনোনয়ন দাখিল কৰিবলৈ টীয়কৰ বাসগৃহৰ পৰা ৰাওনা হয় জাতীয় কংগ্ৰেছৰ টীয়কৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে।

উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকী মনোনয়ন বাবে যোৱাৰ পূৰ্বে প্ৰয়াত কৰ্মযোগী বিধায়ক মেম্বৰ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ আধৰুৱা সপোন পূৰণৰ বাবে আৰ্শীবাদ বিচাৰে আৰু গাঁৱৰ ৰাইজৰ সেৱা লয়।

বহু কল্পনা জল্পনাৰ অন্তত সমষ্টিটোত অগপ বিজেপি মিত্ৰটোতে প্ৰাক্তন বিধায়ক ৰেণুপমা ৰাজখোৱাক পুনৰ প্ৰক্ষেপ কৰাত যেন উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল।

বিজেপি-অগপৰ মিত্ৰজোঁটে ৰেণুপমা ৰাজখোৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰাত এইবাৰ বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰিছে সমষ্টিটোৰ কংগ্ৰেছ শিবিৰে।

ইফালে আজি নাৰী দিৱসৰ প্ৰাকক্ষণত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিগৰাকী নাৰীকে শুভেচ্ছা জনোৱাৰ লগতে নাৰী শক্তি একগোট হৈ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

Related News