NORTHEAST NOW (Assamese)

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক প্ৰধানৰ দায়িত্ব পল্লৱ ভট্টাচাৰ্যক

October 25, 2018 4:06 pm · এন ই নাও নিউজ
পল্লৱ ভট্টাচাৰ্য। ফটো: ফেচবুকৰ সৌজন্যত

অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যক বৃহস্পতিবাৰে অসমাৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনীৰ (Civil Defence and Home Guards) সঞ্চালক প্ৰধান হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। এই সন্দৰ্ভত (এইচ এম এ ৯০৩/২০১৫/৯৮ নং) গৃহ (এ) বিভাগৰ সচিব ড০ দীপক কুমাৰ মজুমদাৰে এক জাননী জাৰি কৰে।

অহা ৩১ অক্টোবৰত দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া এ পি ৰাউটৰ পৰা ভট্টাচাৰ্যই অসমাৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে পৰৱৰ্তী কোনো নিৰ্দেশনা জাৰি নকৰালৈকে ভট্টাচাৰ্যই অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালকৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি থাকিব।

গৃহ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে ভট্টাচাৰ্যই বিশেষ শাখাৰ দায়িত্বত থাকিবই আৰু তেওঁক এই দায়িত্বৰ পৰা আঁতৰোৱাৰ কোনো সম্ভাৱনা নাই।

আনহাতে, আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ সঞ্চালক প্ৰধান এ কে ঝাক অহা ১ নৱেম্বৰ, ২০১৮ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘ দৰমহা নিৰিখৰ পৰ্যায় ১৬’ পদত কাৰ্যনিৰ্বাহত অনুমোদন জনায়।

Related News