“চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিত মন্ত্ৰী পল্লৱলোচনে বাধা দিয়াটো সঁচা”, মজুৰি উপদেষ্টা ব’ৰ্ডৰ প্ৰাক্তন সদস্য

Pallab Lochan Das_3

বাগিচাৰ মালিকৰ সৈতে বুজাবুজিৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিত মন্ত্ৰী পল্লৱলোচনে বাধা দিয়া বুলি তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে অনা অভিযোগক সত্য বুলি ক’লে মজুৰি উপদেষ্টা ব’ৰ্ডৰ এজন প্ৰাক্তন সদস্য তথা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাসে।

দাসে জনায় যে লেবাৰ কমিশ্যনে minimum wage act 1948, উচ্চতম ন্যায়ালয়ৰ নিম্নতম মজুৰি সম্পৰ্কীয় ৰায়বোৰ পৰীক্ষা কৰি অসমত চাহ শ্ৰমিকসকলৰ নিম্নতম মজুৰি ৩৫১.৩৩ টকা হ’ব লাগে বুলি ৱেইজ এডভাইজৰি ব’ৰ্ডত দাখিল কৰিছিল।

কিন্তু ৰহস্যজনক কাৰণত বিশেষকৈ মন্ত্ৰী পল্লৱলোচনৰ স্থিতিৰ বাবেই অসম চৰকাৰে এই পৰামৰ্শৰ ভিত্তিত কোনো ধৰণৰ সিদ্ধান্ত নল’লে। বৰং শ্ৰম মন্ত্ৰী পল্লৱলোচনে মালিকৰ পক্ষত স্থিতি লৈ ক’লে যে ৩৫১.৩৩ টকা মজুৰি দিবলৈ হ’লে চাহ বাগিচাবোৰ বন্ধ হৈ পৰিব।

ইয়াৰ পিছত চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ ৩০ টকা বৃদ্ধি কৰিলে।

দাসে আন এটা অভিযোগ কৰে যে শোণিতপুৰ জিলাৰ বৰগাওঁ চাহ বাগিচাৰ লক-আউটৰ সময়তো পল্লৱলোচনে বাগিচাখনৰ মালিকৰ পক্ষত থিয় দি শ্ৰমিকসকলক প্ৰতাৰণা কৰিছিল। মালিকে বে-আইনীভাৱে বাগিচাখন লক-আউট কৰাৰ পিছত পল্লৱলোচনে শ্ৰমিকসকল মালিকৰ ওচৰত আত্মসমৰ্পণ কৰাটোহে বিচাৰিছিল।

“লেবাৰ কমিশ্যনৰ অফিচৰ পৰা এই লক-আউটটোত নিষাধাজ্ঞা জাৰি কৰি চৰকাৰলৈ ব্যৱস্থা ল’বলৈ লিখিছিল। নিয়মমতে, এইটো পোৱাৰ দুই-তিনি দিনৰ ভিতৰতে চৰকাৰে বিশেষকৈ শ্ৰম বিভাগৰ সচিবে স্বাক্ষৰ কৰিব লাগে। কিন্তু শ্ৰম মন্ত্ৰীজনে বাধা দি এইখন নিজৰ টেবুলত ৰাখি থৈ লক-আউটটো প্ৰায় ছমাহ দীঘলীয়া কৰিছিল। চাহ বাগিচাৰ শ্ৰমিকসকলে মাত্ৰ বিচাৰিছিল এখন এম্বুলেন্স, তেওঁলোকৰ খৰিৰ পইচা, তেওঁলোকৰ ছুটীৰ পইচা। এইবোৰ প্ৰাপ্য দাবীৰ বিপৰীতে শ্ৰম মন্ত্ৰী পল্লৱলোচনে মালিকৰ ওচৰত শ্ৰমিকসকলে ছাৰেণ্ডাৰ কৰাটো বিচাৰিছিল।” বিবেক দাসে কয়।

আনহাতে দাসে লগতে অভিযোগ কৰে যে পল্লৱলোচন শ্ৰম মন্ত্ৰী হৈ থকা অৱস্থাত ২০১৭ চনত বিজেপিয়ে আগৰ শ্ৰম পৰিষদ (ৱেইজ ব’ৰ্ড)খন ভংগ কৰি নতুনকৈ বনায় আৰু আগৰখন ব’ৰ্ডত যিসকলে মজুৰি বৃদ্ধিৰ বাবে আঁকোৰগোঁজ হৈ আছিল তেওঁলোকক বাদ দিলে। তেওঁ পল্লৱলোচনক চাহ শ্ৰমিকক বিশ্বাসঘাতক কৰা নেতা বুলিও কয়।