বঙাইগাঁও জিলাত সৰ্ববৃহৎ ৫৫ তম বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ

নামনী অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ধৰ্মপুৰবাসী ৰাইজে ৰাস পথাৰত  ২ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ উদযাপন কৰা সাৰ্বজনীন পালনাম উৎসৱ আজি সামৰণি পৰিব । 

প্ৰাপ্ত তথ্যমতে কালি ওৰেটো নিশা বিভিন্ন জিলাৰ পৰা অহা সাতটা নামৰ দলে হৰি নামেৰে মুখৰিত হোৱা ৰাস পথাৰৰ পৰা আজি দুপৰীয়া সহস্ৰ ভকতে ভাগৱতসহঃ অভয়াপুৰী চহৰৰ মাজেৰে পদব্ৰজে পৰিভ্ৰমণ কৰে৷ 

গায়ন-বায়নৰ তাল-খোলৰ মুৰ্চনাৰে মুখৰিত হয় অভয়াপুৰীৰ মূলপথ৷

দুপৰীয়া ধৰ্মসভাত ভাষণ দিয়ে অসম সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰশাল সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে৷

আজি নিশা কৃষ্টিমূলক সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে বৰপেটাৰ ভাওনা দলে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিৰচিত ৰামবিজয় অংকীয়া ভাওনা প্ৰদৰ্শন কৰিব৷