NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ আতংকৰ মাজতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাদমহীয়া পালনামৰ আয়োজন

August 13, 2020 1:53 pm · নিৰ্মলেন্দু পাঠক
ফাইল ফটো

পবিত্ৰ ভাদ মাহলৈ মাজত আৰু দুটা দিন বাকী। অসমৰ বিভিন্ন মঠ-মন্দিৰ সমূহ ভাদ মাহৰ প্ৰতিটো দিনতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে। ব্যতিক্ৰম নহয় মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।

বাকী মাহ কেইটাৰ তুলনাত ভাদ মাহত বৃদ্ধি পায় ভক্তৰ সমাগম, কিয়নো ১৫২৮ চনৰ পৰাই সুদীৰ্ঘ কাল এই পালনামভাগ নিৰবিচ্ছিন্নভাৱে উদযাপন কৰি অহা হৈছে।

কিন্তু এইবাৰ পৰিৱেশ সুকীয়া। ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে সকলোকে আতংকিত কৰি ৰখাৰ মাজতে পবিত্ৰ ভাদ মাহলৈ আৰু মাজত মাথো দুটা দিন থকা অৱস্থাত ঐতিহাসিক বৰনামঘৰত নাই পূৰ্বৰ দৰে উৎসাহ।

কেৱল মাত্ৰ আধ্যাত্মিক দিশ ৰক্ষা কৰি চৰকাৰী সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে আয়োজনৰ প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে।

লগতে এই পীঠলৈ অহা ভক্তসকলৰ বাবে কেনেদৰে সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই লৈ অহা ১৭ আগষ্ট তাৰিখে জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে।

Related News