অহা বছৰৰ পৰা পুৰীৰ জগন্নাথ মন্দিৰত কাৰ্যকৰী কৰা হ’ব নতুন নিয়ম। নতুন নিয়ম অনুসৰি মন্দিৰৰ চৌহদত ভক্ত-সেৱকে গুটখা খাব নোৱাৰিব।
যদিও এই নিয়ম পূৰ্বতে প্ৰৱৰ্তন কৰা হৈছিল, তথাপিও মন্দিৰ কৰ্তৃপক্ষই আজিলৈকে ইয়াক কাৰ্যকৰী কৰাত সফল হোৱা নাই।
মঙলবাৰে জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই জাৰি কৰে এক গাইডলাইন। য’ত কোৱা হৈছে, ” যিসকলে ভগৱানৰ আগত পাণ আৰু গুটখা খায় তেওঁলোক নিৰক্ষৰ আৰু মূৰ্খ। মন্দিৰত গুটখা খাই পিক পেলোৱাসকল অপৰাধী”।
এছজেটিএ (শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসন)ৰ মুৰব্বী ৰঞ্জন কুমাৰ দাসে কয় যে, “আমি পূৰ্বেও মন্দিৰৰ চৌহদত গুটখা নিষিদ্ধ কৰাৰ চেষ্টা কৰিছিলো যদিও বিফল হৈছিলো। সেয়ে আকৌ এবাৰ ভক্ত আৰু সেৱক সকললৈ আহ্বান জনাইছোঁ। সকলোৱে সচেতন হোৱাটো প্ৰয়োজন। পবিত্ৰ স্থান পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য।’’
উল্লেখ্য যে ২০০৬ আৰু ২০১৯ চনতো মন্দিৰ কৰ্তৃপক্ষই মন্দিৰৰ চৌহদৰ পাণ-গুটখা নিষিদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল।
২০০৬ চনত কোৱা হৈছিল যে যিকোনো ব্যক্তিয়ে পাণ-গুডখা খাই মন্দিৰত পিক পেলালে ১০০ টকা জৰিমণা বিহা হ’ব।
২০১৯ চনত ৫০০ টকালৈ বৃদ্ধি কৰা হয় এই জৰিমণা। কিন্তু মন্দিৰ কৰ্তৃপক্ষৰ জৰিমণা বৃদ্ধি কৰাৰ পিছতো মন্দিৰৰ চৌহদত পাণ আৰু গুটখা খোৱাতো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিল।
উল্লেখযোগ্য যে যোৱা মাহত জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই নতুন নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশ অনুসৰি দৰ্শনাৰ্থী সকলে শ্বৰ্ট, ৰিপড জিন্স আৰু স্কাৰ্টৰ দৰে কাপোৰ পিন্ধিব নোৱাৰিব।
এই নিৰ্দেশনাও অহা বছৰৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে যদিও ইতিমধ্যে ই কাৰ্যকৰী হোৱা বুলি মন্দিৰৰ সূত্ৰই প্ৰকাশ কৰিছে।