আমগুৰিত এতিয়া চলে ফলকৰ ৰাজনীতি : যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰী অংকিতা দত্ত

Ankita Dutta

উন্নয়ন স্থবিৰ হৈ পৰা শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টি এতিয়া এক বিশেষ কাৰণতহে ৰাজ্যত বিখ্যাত হৈ উঠিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰী অংকিতা দত্তই। তেওঁৰ মতে, ‘আমগুৰিত ফলকৰ ৰাজনীতি চলে।’

দত্তই অভিযোগ কৰে যে বৰ্তমান সমষ্টিটোত অনুমোদন নথকা ৰাস্তাসমূহত ফলক আঁৰি ৰাইজক আভুৱা ভাঁৰি থকা হৈছে।

আজি গৌৰীসাগৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত দত্তই লগতে কয় যে পে’ট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি আৰু দুৰ্নীতিক মূল বিষয় হিচাপে লৈ আগন্তক পঞ্চায়ত নিৰ্বাচনত নামিব লগা কংগ্ৰেছে আমগুৰিৰ ২১খন গাঁও পঞ্চায়ততে আসন দখল কৰিব।

ইয়াৰ উপৰি দত্তই অগপই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে বুলি উল্লেখ কৰি কয় যে অগপ-বিজেপিয়ে মিলি কংগ্ৰেছে পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে দুখিয়া মানুহৰ বাবে ৰূপায়ণ কৰা ১৩৩খন আঁচনি বন্ধ কৰিলে।

শাসনাধিষ্ঠ মিত্ৰজোঁটৰ চৰকাৰক সমালোচনা কৰি অংকিতা দত্তই লগতে পিয়াঁজ আৰু ৰন্ধন গেছৰ দাম বৃদ্ধিত পিয়াঁজৰ মালা পিন্ধা আৰু গৰু গাড়ী চলোৱা বিধায়ক প্ৰশান্ত ফুকন আৰু সাংসদ বিজয়া চক্ৰৱৰ্ত্তী আজি নিমাত কিয় বুলিও প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে এইবাৰ কংগ্ৰেছে সমষ্টিটোৰ ২১০টা ৱাৰ্ডতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আজিৰ সভাত শিৱসাগৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি, সভাপতি, সম্পাদককে ধৰি দলটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।