পঞ্চায়তৰ ভােট গণনা সম্পৰ্কত ৰাজনৈতিক দলৰ প্রতিনিধিৰে বােকাখাতৰ মহকুমাধিপতিৰ বৈঠক
অহা ১২ ডিচেম্বৰত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভােট গণনাৰ প্রতি লক্ষ্য ৰাখি বােকাখাতৰ মহকুমাধিপতিৰে বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰ আজি মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।
সভাত যােৱা ৫ ডিচেম্বৰত বােকাখাত মহকুমাত শান্তিপূর্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সকলােৰে সহযােগিতাৰ বাবে মহকুমাধিপতি গৰাকীয়ে প্ৰতিটো ৰাজনৈতিক দলকে ধন্যবাদ জ্ঞাপন কৰে।
ইয়াৰ উপৰি অহা ১২ ডিচেম্বৰত পুৱা ৭-৩০ বজাত পােষ্টেল বেলট পেপাৰৰ গণনাৰ পিছতেই পুৱা ৮-০০ বজাৰ পৰা বোকাখাতৰ চাৰিটা ভােট গণনাৰ কক্ষত ভােট গণনা আৰম্ভ হ’ব বুলি জনাই মহকুমাধিপতি গৰাকীয়ে ভােট গণনাৰ সময়ত ৰাজ্যিক নিৰ্বাচনী আয়ােগে দিয়া বিভিন্ন নীতি-নিয়ম সম্পৰ্কে ৰাজনৈতিক দলৰ প্রতিনিধিক অৱগত কৰে।
তদুপৰি ৰাজ্যিক নিৰ্বাচনী আয়ােগে ভােট গণনা কক্ষত ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা অৱগত কৰি তেওঁ প্ৰতিটো দলকে এই নীতি-নিয়মসমূহ মানি চলি ভােট গণনাত সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়।