NORTHEAST NOW (Assamese)

আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী হওঁ বুলিলেই হ’ব নোৱাৰিব; লাগিব নতুন আইনে বান্ধি দিয়া যোগ্যতা

November 5, 2018 10:18 pm · অনিৰ্বাণ পাঠক
Updated: November 5, 2018 10:29 pm
প্ৰতিনিধিত্বমূলক ছবি

এইবাৰ ৰাজ্যত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাকে ধৰি কেতবোৰ দিশত নতুন নিয়ম কাৰ্যকৰি কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যিকোনো ব্যক্তিয়েই প্ৰাৰ্থীত্ব আগবঢ়াব নোৱাৰিব।

সোমবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসুচনা জাৰি কৰে। অসম পঞ্চায়ত আইন, ১৯৯৪ ৰ ১১১(২)(ক) (সংশোধনী) ধাৰা আৰু অসম পঞ্চায়ত (সংবিধান)(সংশোধনী) নিয়ম, ২০১৮ মতেই এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিভিন্ন পদৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰাজ্যিক নিৰ্বাচন আয়োগে ধাৰ্য কৰিছে।

সেই অনুসৰি গাওঁ পঞ্চায়তৰ সদস্য হ’বলৈ সাধাৰণ বৰ্গৰ একোজন প্ৰাৰ্থী নূন্যতম ৬ষ্ঠ শ্ৰেণী উত্তীৰ্ণ হ’লেই যোগ্য বিবেচিত হ’ব। আনহাতে অনুসুচীত জাতি, অনুসুচীত জনজাতি আৰু অন্যান্য বা অধিক অন্যান্য পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।

একেদৰে আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাওঁ পঞ্চায়তৰ সভাপতিৰ বাবে প্ৰ্ৰাৰ্থী সাধাৰণ বৰ্গৰ প্ৰাৰ্থী নূন্যতম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। অনুসুচীত জাতি, অনুসুচীত জনজাতি আৰু অন্যান্য বা অধিক অন্যান্য পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থী হ’লে অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা হ’ব লাগিব।

জিলা পৰিষদৰ সদস্যৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াব বিচৰা সাধাৰণ বৰ্গৰ প্ৰাৰ্থীয়ে কমেও উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। আনহাতে প্ৰাৰ্থী অনুসুচীত জাতি, অনুসুচীত জনজাতি আৰু অন্যান্য বা অধিক অন্যান্য পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থী হ’লে অন্ততঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

একেই সংশোধিত নিয়ম অনুসৰি দুটাতকৈ অধিক সন্তান থাকিলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। অৱশ্যে এই নিয়ম ২০১৮ চনৰ ১৯ মাৰ্চৰ আগতে দুটাতকৈ অধিক সন্তান জন্ম হোৱা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

মন কৰিবলগীয়া যে, অসমত কেৱল পঞ্চায়ত প্ৰাৰ্থীৰ বাবেহে শিক্ষাগত অৰ্হতা বা সন্তান সংখ্যাৰ বিষয়টো প্ৰযোজ্য হৈছে। এতিয়ালৈ বিধান সভা, লোক সভাৰ সদস্য প্ৰাৰ্থীৰ বাবে তেনে কোনো নিয়ম ধাৰ্য হোৱা নাই।

এটা কথা ক’ব পাৰি যে যদি জিলা পৰিষদৰ প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগে তেনে হ’লে বিধায়ক বা সাংসদ পদৰ প্ৰাৰ্থী অতি কমেও স্নাতক হোৱাৰ নিশ্চকৈ প্ৰয়োজন আছে। কিন্তু সেয়া এতিয়াও আমাৰ ৰাজ্যৰ লগতে দেশত হোৱা নাই। যাৰ বাবে আৰু কিমান দিনলৈ স্নাতক অনুতীৰ্ণ, অতি কম শিক্ষিত বা নিৰক্ষৰ জনপ্ৰতিনিধিয়ে আমাৰ শাসনৰ দায়িত্ব লাভ কৰাৰ বাবে যোগ্য হৈ থাকে সেয়া গুৰুত্বপূৰ্ণ বিষয়।

Related News