NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচন : ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ শিৱসাগৰ ভাটীবন গাঁৱত

November 22, 2018 10:28 pm · ৰাজীৱ দত্ত

শিৱসাগৰ বিধাসভা সমষ্টিৰ দিখৌ নদীৰ পাৰত অৱস্থিত ৰূদ্ৰসাগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাটীবন গাঁৱত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰৱেশ নিষিদ্ধ কৰিছে।

দীৰ্ঘদিন ধৰি বান আৰু গৰাখহনীয়াত আক্ৰান্ত ভাটীবন গাঁওবাসীক নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি আহিছিল যদিও আজি পৰ্যন্ত কোনো এটা দলে সেয়া কাৰ্যত পৰিণত নকৰিলে।

ফলত আজি গাঁওবাসীয়ে ক্ষোভ উজাৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বিচাৰি যোৱা প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰি গাঁওখনৰ মূল প্ৰৱেশ পথত বাঁহৰ খুটা পুতি জাননী আঁৰি দিয়ে।

প্ৰায় ২০০ তকৈ অধিক পৰিয়ালে বসবাস কৰা গাঁওখনত আজি পৰ্যন্ত যাতায়াতৰ কোনো সূচল ব্যৱস্থা নথকাৰ লগতে বিশুদ্ধ খোৱা পানীকে ধৰি একাধিক সমস্যাৰে জৰ্জৰিত।

তাৰোপৰি প্ৰত্যেক বছৰে দিখৌ নদীৰ প্ৰলয়ংকাৰী বানে গাঁওবাসীক জুৰুলা কৰি আহিছে। গাঁওখনৰ মূল প্ৰৱেশ পথটো খহনীয়াৰ কবলত পৰি বৰ্তমান প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত।

ইফালে গাঁওবাসীয়ে বান গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিভিন্ন সময়ত জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ককো দাবী জনাই আহিছে। কিন্তু জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়কেও বিষয়টো কোনো গুৰুত্ব প্ৰদান নকৰিলে।

ইয়াৰ বিপৰীতে নিৰ্বাচন অহাৰ লগে লগে ভোটৰ স্বাৰ্থত প্ৰতিটো ৰাজনৈতিক দলে গাঁওখনৰ সমস্যাসমূহ সমাধান কৰাৰ ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে।

যাৰ বাবে গাঁওবাসী ক্ষোভিত হৈ পৰি গাঁওখনৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত কোনো এটা ৰাজনৈতিক দলৰে প্ৰৱেশ নিষিদ্ধ কৰি মূল প্ৰৱেশ পথত বাঁহৰ খুঁটা পুতি প্ৰৱেশ নিষিদ্ধ জাননী আঁৰি ক্ষোভ উজাৰে।

Related News