ভোটগ্ৰহণৰ মাজতে শিৱসাগৰত সুৰাৰ ৰাগীত ডুব গ’ল প্ৰিজাইডিং বিষয়া

Sivasagar Betbari

বিভিন্ন খেলিমেলিৰ মাজেৰে আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হ’ল। আজি ৰাজ্যখনৰ ১৬খন জিলা আৰু ১১টা মহকুমাত ভোটগ্ৰহণ সম্পন্ন হয়। কিন্তু ভোটগ্ৰহণ চলি থকাৰ মাজতে শিৱসাগৰৰ বেতবাৰীত এগৰাকী প্ৰিজাইডিং বিষয়াৰ কাণ্ডই সকলোৰে চকু কপালত তুলিছে।

উল্লেখযোগ্য যে শিৱসাগৰৰ বেতবাৰী গাঁও পঞ্চায়তৰ দিচাং শুকান পুখুৰী এল পি স্কুল ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত উপেন গগৈ নামৰ প্ৰিজাইডিং বিষয়াজনে ভোটকেন্দ্ৰত মদ খাই ভোটাৰ ৰাইজক দুৰ্ব্যৱহাৰ কৰে।

অৱশ্যে পিছত ঘটনাৰ খবৰ লাভ কৰি শিৱসাগৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থতিত হৈ সুৰাৰ ৰাগীত মাতাল বিষয়া গৰাকীক আটক কৰি শিৱসাগৰ আৰক্ষী থানালৈ লৈ আনে। পৰৱৰ্ত্তী সময়ত অন্য এজন বিষয়াক কেন্দ্ৰটোত নিযুক্তি দি পুনৰ ভোটগ্ৰহণ কৰোৱা হয়।