NORTHEAST NOW (Assamese)

কংগ্ৰেছত ব্যাপক অসন্তুষ্টি; থাওৰাত জ্যেষ্ঠ‍ কংগ্ৰেছ নেতাৰ পদত‍্যাগ

November 15, 2018 1:26 pm · হিতোজ্বল চেতিয়া
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যৰ চাৰিওফালে এতিয়া বৈছে নিৰ্বাচনী বতাহ। কিন্তু পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে কংগ্ৰেছৰ ভিতৰচ’ৰাত দেখা দিছে ব্যাপক অসন্তুষ্টিয়ে।

ৰাজ্যৰ বিভিন্ন ঠাইত ইতিমধ্যে ইয়াৰ বহিঃপ্ৰকাশ ঘটাৰ সময়তে থাওৰা কংগ্ৰেছতো লাগিছে গোলমাল। জানিব পৰা মতে থাওৰা কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মীক একাংশ কনিষ্ঠ কৰ্মীয়ে গুৰুত্বহীন কৰাত খড়্গহস্ত হৈ পৰিছে জ্যেষ্ঠ কৰ্মীসকল।

তথ্য অনুসৰি থাওৰা সমষ্টিৰ শুকানপুখুৰী গাঁও পঞ্চায়তৰ ৪৮নং প্ৰাথমিক কংগ্ৰেছ আৰু ৫৩নং ৰাইচাইক সামৰি গঠন হোৱা ১০নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰাৰ্থী মনোনীত কৰক লৈ শুকানপুখুৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি অৰুণ শৰ্মাই দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে।

জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী মনোনীত কৰাত ক্ষুদ্ধ হৈ তেওঁ শুকানপুখুৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদৰ লগতে কংগ্ৰেছ দলৰ সদস্য পদৰ  পৰাও পদত্যাগ কৰে জানিবলৈ দিয়ে।

Related News