• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অসমবাসীৰ বাবে আছিল একাঘ্নীস্বৰূপ

শিৱজিত দত্ত by শিৱজিত দত্ত
December 12, 2018 2:44 pm
অতুল বৰাৰ জনপ্ৰিয়তাৰ চিন : দিচপুৰ সমষ্টিৰ প্ৰায়কেইটা পঞ্চায়তত বিজেপিৰ অগ্ৰগতি
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। এই লেখা প্ৰস্তুত কৰাৰ সময়ত গণনা আৰম্ভ হোৱা নাই। প্ৰাগ নিউজৰ এগজিট প’লৰ সমীক্ষাই শাসনাধিষ্ঠিত দলৰ ফলাফল খুব ভাল হ’ব বুলি দেখুওৱা নাই। সাধাৰণতে পঞ্চায়তৰ ৭৫-৮০% আসন শাসনত থকা দলৰ পক্ষেই থাকে। ধাৰণা হয়- এইবাৰ ফলাফল তাতকৈ বেলেগ হ’ব।

মহাভাৰতৰ মহাবীৰ কৰ্ণৰ হাতত এপাট বাণ আছিল- একাঘ্নী। তাক মাথোন এবাৰেই প্ৰয়োগ কৰিব পাৰি আৰু যাৰ বিৰুদ্ধে প্ৰযুক্ত হয় তাৰ নিধন অনিবাৰ্য। কৰ্ণই অৰ্জুন-বধৰ বাবে সাঁচি ৰখা সেই বাণ প্ৰয়োগ কৰিলে ঘটোৎকচৰ গাত। ফলত পিছলৈ তেওঁ অৰ্জুনৰ হাততে নিপাত হ’ল।

সদ্যসমাপ্ত এই পঞ্চায়ত নিৰ্বাচনো অসমীয়া আৰু অসমবাসীৰ বাবে আছিল কৰ্ণৰ হাতৰ একাঘ্নী স্বৰূপ। ইয়াৰ সুপ্ৰয়োগেৰে অসমীয়া তথা সমূহ অসমবাসীৰ বিজয় আৰু সুৰক্ষাৰ ভেটি ৰচিব পাৰিলেহেঁতেন আৰু ভুল প্ৰয়োগেৰে কৰ্ণৰ দৰেই নিজৰ পতন নিশ্চিত কৰিবও পাৰে। এইকথাত সন্দেহ নাই যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আইনত পৰিণত হোৱা-নোহোৱাৰ ভিত্তিতে অসমবাসী আৰু অসমীয়াৰ ভৱিষ্যত নিৰূপিত হ’ব। বুজাই আজি বুজিছে যে এই বিধেয়ক আইনত পৰিণত হ’লে অসমীয়া অসমতে ভগনীয়া হ’ব আৰু ভাৰতীয় সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ মৌলিক প্ৰমূল্যও বিপন্ন হৈ ভাৰতীয় গণতন্ত্ৰকে দুৰ্বল কৰি পেলাব। অন্ততঃ এই দ্বিতীয় কাৰণটোৰ বাবেই অসমীয়াৰ লগতে বাঙালী, নেপালী, বিহাৰীকে ধৰি প্ৰতিজন ভাৰতীয়ই এই বিধেয়কৰ বিৰোধিতা কৰা দৰকাৰ আছিল আৰু তাক মূল নিৰ্বাচনী ইছ্যু ৰূপে গ্ৰহণ কৰা দৰকাৰ আছিল। দুখৰ কথা, তৃণমূল পৰ্যায়ত এনে অসাধাৰণভাৱে গুৰুত্বপূৰ্ণ ইছ্যুৰ কোনো প্ৰভাৱ সাধাৰণতে নাথাকে আৰু ৰাইজে তাতোকৈ তুচ্ছতৰ ইছ্যুৰ বিবেচনাৰেই ভোটদান কৰি শেষ বিচাৰত নিজৰেই ক্ষতি সাধন কৰে।

পঞ্চায়তীৰাজ যদিওবা গ্ৰামীণ অঞ্চলৰ স্থানীয় উন্নয়নৰ নামত উৎসৰ্গিত আৰু সেয়ে যদিওবা স্থানীয় ইছ্যুৰ ভিত্তিতে নিৰ্বাচনী সিদ্ধান্ত লোৱাৰ দস্তুৰ, তথাপি ওপৰত উল্লেখ কৰা কাৰণৰ বাবেই এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে অসমৰ বাবে সুদূৰপ্ৰসাৰী তাৎপৰ্য কঢ়িয়াব। কিয়নো যদি এই নিৰ্বাচনত হাৰে তেন্তে বিধেয়কপন্থীৰ আত্মবিশ্বাস কমিব আৰু ২০১৯–ৰ নিৰ্বাচনৰ আগত এই বিধেয়ক সংসদত উত্থাপন কৰি পাৰ কৰাই নিবলৈ অলপ হ’লেও সংকোচ কৰিব। যদিহে জিকে তেন্তে নিৰ্বাচনৰ ফলাফলৰ পিছতে বিধেয়কপন্থীয়ে ক’ব যে ৰাইজে বিধেয়কৰ পক্ষতহে ভোট দিছে; বিধেয়ক-বিৰোধী আন্দোলনবোৰ কংগ্ৰেছ-কমিউনিষ্টৰ  কৃত্ৰিম নিৰ্মাণ আৰু প্ৰদৰ্শন। ধাৰণা কৰা টান নহয় যে পঞ্চায়ত নিৰ্বাচনৰ সফলতাই বিধেয়কপন্থীক অত্যুৎসাহী কৰি বিধেয়কখন আইনত পৰিণত কৰিবলৈ দুগুণে অনুপ্ৰাণিত কৰিব। গতিকে আশা কৰিব পাৰিনে যে নাগৰিকত্ব সংশোধনী বিধেয়ক, অসমীয়া জাতিৰ অস্তিত্ব, ভাৰতীয় গণতন্ত্ৰৰ মৌলিক প্ৰমূল্য আদি এই পঞ্চায়ত নিৰ্বাচনত প্ৰথমশাৰীৰ ইছ্যু হৈছেগৈ?

এইখিনিতে উল্লেখ কৰা ভাল যে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ এক জাতিধ্বংসী বাৰুদ বুলি পতিয়ন গৈ তাৰ বিৰোধিতা কৰা এচাম লোকেও তাৰ দুফালে ধাৰাল চৰিত্ৰ আওকাণ কৰিছে আৰু নিজৰ অজ্ঞাতে হিন্দুত্ববাদীৰ কূট ফান্দত ভৰি দিছে। এইচাম লোকে ভাবিছে যে বিধেয়কখন যদি অসমত প্ৰযোজ্য নহৈ ভাৰতৰ অন্য অংশত প্ৰযোজ্য হয়, তেন্তে আমাৰ আপত্তি কৰাৰ সকাম নাই। এওঁলোকৰ এচামে এনেকৈয়ো ভাবে যে কেন্দ্ৰীয় চৰকাৰে যদি অসম চুক্তি অনুসৰি অসমীয়াক বা খিলঞ্জীয়াক ‘সাংবিধানিক ৰক্ষাকৱচ’ দিয়ে, তেতিয়া এই বিধেয়ক আইনত পৰিণত হ’লেও আমাৰ একো সমস্যা নহয়। এওঁলোকৰ এনে অৱ্স্থান ঘোৰ ভ্ৰমাত্মক আৰু প্ৰকাৰান্তৰে অসমীয়া জাতিৰ জাতিগঠন প্ৰক্ৰিয়াৰ সমুখতো হেঙাৰস্বৰূপ। পঞ্চায়ত নিৰ্বাচনৰ সমুখত আমি  আকৌ এবাৰ বিষয়টো পৰিষ্কাৰকৈ ভাবি চোৱা উচিত হ’ব।

কূট কলা-কৌশলত মাহিৰ আৰু বিধেয়কখন যেনে-তেনে পাৰ কৰাই নিবলৈ বদ্ধপৰিকৰ হিন্দুত্ববাদী শক্তিয়ে দুটা পানীমিঠৈ আগ বঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰথমে, তেওঁলোকে মানি ল’ব পাৰে যে অবৈধ হিন্দু বাংলাদেশীক তেওঁলোকে অসমত সংস্থাপন নিদিয়ে, ভাৰতৰ আন আন ৰাজ্যতহে থাপিব। আৰু পিছলৈ সেইমতে থাপিবও পাৰে। পানীমিঠৈ গিলিব খোজাসকলে মন কৰক যে বিধেয়কখন কিবাকৈ আইন হৈ পৰিলে আজিৰ অবৈধ বিদেশী বাংলাদেশী কাইলৈ বৈধ ভাৰতীয় নাগৰিক হ’ব আৰু বৈধ ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে ভাৰতৰ যিকোনো ৰাজ্যলৈ যাব পাৰিব। যিহেতু ভৌগোলিকভাৱে আৰু ভাষিকভাৱেও অসম আৰু পশ্চিমবংগ তেওঁলোকৰ বাবে সবাতোকৈ ওচৰৰ, সেয়ে হিন্দী বলয় বা দক্ষিণ ভাৰতৰ অচিন পৰিবেশৰ তুলনাত তেওঁলোকে অসমত বা পশ্চিমবংগত থাকিবলৈকে ভাল পাব। সেয়েহে প্ৰথমে দেখাত গুজৰাট, মহাৰাষ্ট্ৰ আদিলৈ গ’লেও দুই-চাৰিবছৰ পিছত তেওঁলোকৰ বুজন অংশ যে আকৌ অসমলৈকেই গুছি আহিব, সেইকথা সহজেই অনুমেয়।

আকৌ, ‘সাংবিধানিক ৰক্ষাকৱচ’ৰ টোপটোও পানীমিঠৈ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ, এই ৰক্ষাকৱচ আমাক দিব কেন্দ্ৰীয় চৰকাৰে। কি নিশ্চয়তা আছে যে নিজৰ কাৰ্যসূচীৰ বাটত এই কৱচ হেঙাৰ হৈ পৰিলে কেন্দ্ৰীয় চৰকাৰে ছদ্মবেশী ইন্দ্ৰই কৰ্ণৰ কৱচ কাঢ়ি নিয়াৰ দৰে কূটাঘাত নকৰিব? পাণ্ডৱক ৰাজ্য দিও কূটিল পাশতিৰে ধৃতৰাষ্ট্ৰই সেই ৰাজ্য কাঢ়ি নিয়াৰ দৰে কেন্দ্ৰীয় চৰকাৰেও সংবিধান সংশোধনৰ জৰিয়তে দত্তাপহৰণ পাপত নিমজ্জিত নহ’ব বুলি কেনেকৈ খাটাং হ’ব পাৰি? কেনেকৈ আশ্বস্ত হ’ব পাৰি যে বিতৰ্কিত বিধেয়কখনৰ যোগেদি ঐতিহাসিক অসম চুক্তিক পনীয়া কৰিব খোজা প্ৰয়াসৰ দৰে এই ঐতিহাসিক সাংবিধানিক ৰক্ষাকৱচকো পনীয়া কৰি নেপেলাব? আকৌ এবাৰ যে ‘অসমীয়া কোন’, ‘খিলঞ্জীয়া কোন’ বুলি প্ৰশ্ন তুলি আমাৰ ঐক্য-সংহতি তচ-নচ নকৰিব, তাৰ কি গেৰাণ্টি আছে? সেয়েহে সংগ্ৰাম আৰু সংহতিৰ মাজেদি এক শক্তিশালী জাতি-গঠনেহে আমাৰ স্বাৰ্থক নিকপ-কপীয়াকৈ সুৰক্ষিত কৰিব পাৰে বুলি আমাৰ বিশ্বাস; ঐক্যবদ্ধভাৱে আৰু আপোচহীনভাৱে এই সৰ্বনাশী বিধেয়কৰ বিৰুদ্ধে দিয়া যুঁজে এই জাতিগঠন প্ৰক্ৰিয়াক বল-শক্তি দিব বুলি আমাৰ ধাৰণা।

পানীমিঠৈ গিলিব খোজা এচাম অসমীয়াই এটা গুৰুত্বপূৰ্ণ কথা উলাই কৰিছে। সেইটো হৈছে এই যে বিতৰ্কিত বিধেয়কখন অসমৰ স্বাৰ্থৰ পৰিপন্থী হোৱাৰ উপৰি ই ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰো পৰিপন্থী। সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যক ই উলাই কৰে। সমগ্ৰ ভাৰতত যদি সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰমূল্যসমূহ দুৰ্বল হৈ পৰে, তেন্তে তাৰ কুফল সমগ্ৰ ভাৰতৰ লগতে অসমেও ভুগিব। সেয়েহে অবৈধ বিদেশীক অসমত নাথাপোঁ বুলিলেও, সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিশ্ৰুতি দিলেও, আমি এই বিধেয়ক সমৰ্থন কৰিব নোৱাৰোঁ ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰ মৌলিক চৰিত্ৰ অক্ষত ৰখাৰ স্বাৰ্থতে।

সেয়েহে আপেক্ষিকভাৱে কম গুৰুত্বপূৰ্ণ স্থানীয় বিষয়বোৰক লৈ হোৱা খণ্ডযুদ্ধ হোৱাৰ পৰিৱৰ্তে সমাগত পঞ্চায়ত নিৰ্বাচন হ’ব লাগিছিল বিতৰ্কিত বিধেয়কৰ বিপক্ষে, হিন্দু বাংলাদেশী আনয়নৰ বিপক্ষে,  অসমীয়া জাতিৰক্ষাৰ সপক্ষে আৰু ভাৰতৰ গণতান্ত্ৰিক, সাংবিধানিক প্ৰমূল্য ৰক্ষাৰো সপক্ষে এক নিৰ্ণায়ক কুৰুক্ষেত্ৰ। পঞ্চায়ত নিৰ্বাচনৰ একাঘ্নীৰে আমি জাতি আৰু গণতন্ত্ৰৰ শত্ৰুক নিপাত কৰাৰ কাম চেষ্টা কৰিলোঁ নে ঘটোৎকচৰ দৰে আপেক্ষিকভাৱে কম ভয়াবহ শত্ৰুৰ ওপৰত সেই বাণ প্ৰয়োগ কৰি নিজৰ পতনৰ দিশত আৰু এঢাপ আগুৱালোঁ? আজি নিশালৈ সেইকথা স্পষ্ট হৈ পৰিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

email : [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd