NORTHEAST NOW (Assamese)

ৰাজ্যৰ ১৬ খন জিলাৰ লগতে শিৱসাগৰতো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

December 5, 2018 9:27 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

আজি ১৬ খন জিলাৰ লগতে শিৱসাগৰতো ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰাই জিলাখনৰ বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।।

উল্লেখ্য যে শিৱসাগৰ মহকুমাৰ অন্তৰ্গত শিৱসাগৰ, আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিৰ মুঠ ৬৩৮ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে। ইয়াৰে ৪৬১ টা কেন্দ্ৰ সুৰক্ষিত, ১৭৪ টা স্পৰ্শকাতৰ আৰু ৩ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে ঘোষনা কৰি থৈছে।

বৰ্তমানলৈকে সকলো ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে বুলি আমালৈ অহা শেহতীয়া খবৰৰ পৰা জানিব পৰা গৈছে।

জিলাখনৰ মুঠ ১৩ খন জিলা পৰিষদ,  ৪ খন আঞ্চলিক পঞ্চায়ত, ৬২ খন গাঁও পঞ্চায়ত আৰু ৬২০ টা ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। জিলাখনত ১,৭৫,১৭৩ জন পুৰুষ আৰু ১,৬৯,৭২ গৰাকী মহিলাৰ সৈতে মুঠ ৩,৪৪,৩৪৫ গৰাকী ভোটাৰে ভোটদান কৰিব।

ইফালে জিলাখনত পঞ্চায়ত নিৰ্বাচনত মুঠ ২০২৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৩৮ গৰাকী জিলা পৰিষদৰ সদস্য১৭৩ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য১৯০ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি আৰু ১৬২৬ গৰাকী প্ৰাৰ্থীয়ে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে।    

Related News