আই পি এল ২০২০; পি পি ই কিট পিন্ধি য়ু এ ইলৈ ৰাওনা পাণ্ডেয়া ভাতৃ

উৎস-ইণ্টাৰনেট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২০ত অংশগ্ৰহণৰ বাবে পি পি ই কিট পৰিধান কৰি য়ুনাইটেড আৰব এমেৰিষ্টলৈ ৰাওনা হয় পাণ্ডেয়া ভাতৃ।

কুৰ্ণাল পাণ্ডেয়া আৰু ভাতৃ হাৰ্দিক পাণ্ডেয়াই মুম্বাই ইণ্ডিয়ানছ দলৰ সৈতে পি পি ই কিট পৰিধান কৰি আই পি এলত অংশগ্ৰহণৰ বাবে য়ু এ ইলৈ উৰা মৰাৰ পূৰ্বৰ আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত আপলোড কৰে।

”আমাৰ নতুন ট্ৰেভেল কিট……য়ু এ ই, আমি আহি আছো,” হাৰ্দিক পাণ্ডেয়াই ছ’চিয়েল মিডিয়াত দুয়োৰে ফটো আপলোড কৰি এইদৰে লিখে।

শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছ খেলুৱৈ সকলৰ সৈতে য়ু এ ইলৈ উৰা মাৰে।

মুম্বাই ইণ্ডিয়ানছৰ পূৰ্বে ৰোয়েল চেলেঞ্জাৰ বাংগালুৰু, চেন্নাই চুপাৰ কিংছ য়ু এ ইলৈ উৰা মাৰিছে।

আনহাতে দীনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছো শুকুৰবাৰে য়ু এ ইলৈ ৰাওনা হৈছে।

সময় জটিল হলেও কলকাতা নাইট ৰাইডাৰ্ছে নিজ দলৰ সমৰ্থক সকলৰ বাবে সৰ্বোচ্চ উজাৰি দিবলৈ সাজু বুলি অধিনায়ক কাৰ্তিকে কয়।