NORTHEAST NOW (Assamese)

ৰোগ নিৰাময়ত অমিতাই লয় এইবোৰ গুৰুত্বপূৰ্ণ ভূমিকা!

February 22, 2020 5:26 pm · এন ই নাও নিউজ

অমিতা আমাৰ সকলোৰে পৰিচিত।মানুহে অমিতাক ফল আৰু পাচলিৰূপে গ্ৰহণ কৰা দেখা যায়।

ফলৰূপে কেঁচাকৈ আৰু পাচলিৰূপে সিদ্ধ কৰি অমিতা খোৱা দেখা যায়।

অমিতাক পকা আৰু কেঁচাকৈও খাব পাৰি। কেঁচা অৱস্থাত ইয়াৰ বাহিৰৰ আৱৰণ সেউজীয়া আৰু পকা অৱস্থাত হালধীয়া হয়।

ফল আৰু পাচলি হিচাপে অমিতাৰ বহুতো ঔষধি গুণ আছে।

কেঁচা অমিতা খালে মানুহৰ চালখন অতি মসৃণ হৈ থাকে। কেঁচা আৰু পকা অমিতা পেটৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। অমিতাৰ জুচে বদহজম,কৌষ্ঠকাঠিন্য, পেটৰ বিষ আদি পেটৰ ৰোগ নিৰাময় কৰাত প্ৰভূত অৰিহণা যোগায়।

অমিতাৰ জুচ খালে দেহৰ সতেজতাও বৃদ্ধি পায়।

কিশোৰ-কিশোৰী আৰু মহিলাসকলে গা ধোৱা পানীত এটুকুৰা অমিতা ডুবাই লৈ গা ধুব পাৰিলে ভাল।গা ধোৱাৰ পিছত অমিতা খালে পাচনক্ৰিয়া সঠিকমতে কাম কৰে।

ডায়েবেটিছ ৰোগীৰ বাবেও অমিতা অতি উপাদেয়। অমিতাত ভিটামিন ‘চি’ আৰু প’টেছিয়াম, মেগনেছিয়াম আদিৰ লগতে ভিটামিন ‘বি’ও পোৱা যায়। ভিটামিন এ’ও উপলব্ধ হয় অমিতাত।

অমিতাৰ আঁহোবাৰ এখন ডাঙৰ চামুচত মৌ ৰস মিহলাই গালত ঘঁহি ১০ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই দিলে মুখৰ চাল অতি সতেজ হৈ থকাৰ লগতে মসৃণ কৰি ৰাখে। অমিতা খালে শৰীৰ সবল কৰাৰ লগতে শক্তি অক্ষয় কৰি ৰাখে। অমিতা খালে পেট চাফা কৰি ৰখাতো  সহায়ক হয়। ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ কৰা মহিলাই অমিতা খালে বিষৰ পৰা উপশম পাব পাৰে।

Related News