• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত SBI-ৰ “ঠাইতে আধাৰ পঞ্জীয়ন” অভিযান; খানাপাৰাৰ খেলপথাৰত বেংকটোৰ ১০টা বুথ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2020 5:14 pm
Adhar Card is enough for filling ITR

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

773
VIEWS
Share on FacebookShare on Twitter

আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত পিছপৰি থকা অসম তথা উত্তৰ-পূবৰ লোকসকলক পঞ্জীয়ন কৰাত সহায় কৰাৰ বাবে ষ্টেইট বেংক অব ইণ্ডিয়াই এটা তিনিদিনীয়া কাৰ্য্যসূচী লৈছে।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৬ ফেব্ৰুৱাৰিৰ পৰা ২৮ ফেব্ৰুৱাৰিলৈ চলাব লগীয়া এই অভিযানত বেংকটোৱে যিমান পাৰি সিমান সংখ্যক লোকক থিতাতে আধাৰ পঞ্জীয়ন কৰোৱাৰ লক্ষ্য লৈছে।

অভিযানটোৰ বিষয়ে জানিবলৈ দি ২১ ফেব্ৰুৱাৰিত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহা প্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনে। অভিযানটো হ’ব বেংকটোৰ Financial Inclusion Outreach Initiative কাৰ্য্যসূচীৰ অধীনত।

টেণ্ডনে জনায় যে কাৰ্য্যসূচীটোৰ মাজৰ দিন ২৭ ফেব্ৰুৱাৰিত উপস্থিত থাকিব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

সৰ্বাধিক লোকক যাতে পঞ্জীয়ন কৰাব পৰা যায় তাৰ বাবে খেলপথাৰখনত ১০টা বুথ খুলিব। তিনিওটা দিনতে এই বুথবোৰ পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা ৰখা হ’ব।

পঞ্জীয়ন কৰাৰ উপৰি এছ বি আইৰ গ্ৰাহকসকলে তেওঁলোকৰ একাউণ্টৰ সৈতে আধাৰ সংযোগো ইয়াত কৰিব পাৰিব, টেণ্ডনে জনায়।

“আমি সকলোকে প্ৰয়োজনীয় নথিপত্ৰ লৈ Financial Inclusion Outreach Initiative কাৰ্য্যসূচীলৈ আহিবলৈ অনুৰোধ জনাইছো, যাতে তেওঁলোকে আধাৰ পঞ্জীয়ন আৰু আন আন সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে”, টেণ্ডনে জনায়।

তেওঁ লগতে কয় যে যিসকল এই কাৰ্য্যসূচীৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ সক্ষম নহয়, তেওঁলোকে পিছত শাখাবোৰত গৈও পঞ্জীয়ন কৰাব পাৰে।

উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূব দেশৰ বাকী অংশতকৈ আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত ভালেখিনি পিছপৰি আছে। আনহাতে আয়কৰ বিভাগে ইয়াৰ পান কাৰ্ড থকা সকলো নাগৰিককে যিমান পাৰি সিমান কম দিনৰ ভিতৰত পান কাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰিবলৈ আহ্বান জনাই আহিছে।

আধাৰ (Aadhaar) হ’ল ১২টা অংকৰ এটা সংখ্যা, যিটো Unique Identification Authority of India (UDAI)-ই নিৰ্দিষ্ট কিছুমান নথি-পত্ৰৰ প্ৰমাণৰ ভিত্তিত প্ৰতিজন ভাৰতীয় নাগৰিকক প্ৰদান কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd