NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ পেট কামিনছক পাপনে প্ৰদান কৰিলে এটা বিশেষ বঁটা

March 6, 2019 12:08 pm · এন ই নাও নিউজ
Updated: March 6, 2019 12:19 pm
ফটো উৎস : ফেইচবুক

হিন্দী চিনেমা জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমবাসীক। ইটোৰ পাছত সিটো হিট গানেৰে অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পাপন এইবাৰ গানৰ বাবে নহয় ক্ৰিকেটৰ বাবেহে ছ’চিয়েল মিডিয়াত হৈছে চৰ্চিত।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত জনপ্ৰিয় গায়কগৰাকীক নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যনৰ ষ্টেডিয়ামত অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰা দেখা যায়।

গায়কগৰাকীয়ে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বলাৰ পেট কামিনছক মেচখনৰ স্বাগ ষ্টাৰ প্লেয়াৰ অব দা মেচ বঁটা প্ৰদান কৰে। ইয়াক লৈ এতিয়া অসমৰ ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে ভৰাই তুলিছে জনপ্ৰিয় গায়কগৰাকীক।

উল্লেখ্য যে ৫ মাৰ্চ অৰ্থাৎ মঙলবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচ। অতি ৰোমাঞ্চকৰ মেচখনত ভাৰতে অন্তিম অভাৰত অষ্ট্ৰেলিয়া দলক ৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।

মেচখনত ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে কেৰিয়াৰৰ ৪০তম শতক অৰ্জন কৰাৰ লগতে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয়। বলিঙতো বুমৰাহ, কুলদীপ যাদৱ, বিজয় শংকৰৰ লগতে কেডাৰ যাদৱেও উজ্জ্বীৱিত প্ৰদৰ্শন কৰে।

আনহাতে কালিৰ মেচখন ভাৰতীয় ক্ৰিকেটৰ বাবে ঐতিহাসিক হিচাপে বিবেচিত হয় কিয়নো এদিনীয়া ক্ৰিকেটত ভাৰতৰ এয়া ৫০০ সংখ্যক বিজয়।

Related News