• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ ঘটনাক লৈ ফেইচবুক পোষ্ট দিয়া সহকাৰী অধ্যাপিকা পাপৰি বেনাৰ্জীক আটক, সোধা-পোছা চানমাৰি থানাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2019 9:09 am
Papri banerjee_Profile and Post

নিলম্বিত অধ্যাপিকাগৰাকী আৰু তেওঁৰ পোষ্টটোৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰিত সংঘটিত ভংয়কৰ বোমা বিস্ফোৰণক লৈ ফেইচবুকত দিয়া এটা পোষ্টে বিতৰ্ক সৃষ্টি কৰাৰ পিছত চানমাৰি থানাই গুৱাহাটীৰ আইকন কমাৰ্চ কলেজৰ সহকাৰী অধ্যাপিকা পাপৰি বেনাৰ্জীক সোধা-পোছাৰ বাবে আটক কৰে। পাপৰি বেনাৰ্জীয়ে তেওঁৰ বিতৰ্কিত পোষ্টটো ১৫ ফেব্ৰুৱাৰিত দিছিল।

বিভিন্নজনে পোষ্টটো অসম আৰক্ষীৰ দৃষ্টিগোচৰ কৰাত অসম আৰক্ষীয়ে ইয়াক বিবেচনা কৰাৰ আশ্বাস দিছিল আৰু ১৭ ফেব্ৰুৱাৰিত চানমাৰি আৰক্ষীয়ে অধ্যাপিকাগৰাকীক থানালৈ নি এই সন্দৰ্ভত সোধাপোছা কৰে। অৱশ্যে তেওঁক সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হয়।

বিতৰ্কিত পোষ্টটোৰ বাবেই ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই অধ্যাপিকাগৰাকীক ১৬ ফেব্ৰুৱাৰিত নিলম্বনো কৰিছে। বেনাৰ্জী ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপিকা আছিল। তেওঁ এগৰাকী প্ৰাক্তন কটনিয়ান।

কলেজ কৰ্তৃপক্ষই ১৬ ফেব্ৰুৱাৰিত নিলম্বিত কৰাৰ পিছতে দিয়া এটা পোষ্টত সহকাৰী অধ্যাপিকাগৰাকীয়ে কোনো অনুশোচনা নৰখাকৈ কৈছিল, “Freedom, to speak at last…”

আন এটা পোষ্টত বেনাৰ্জীয়ে কয়, ‘‘The price you pay in India for being a liberal…’’

কাশ্মীৰৰ ঘটনাটোক লৈ পাপৰি বেনাৰ্জীয়ে দিয়া পোষ্টটো, যিটো একাংশই ভাৰত বিৰোধী বুলি ধৰি লৈছে, তাত তেওঁ লিখিছে

‘‘কালি ৪৫জন সাহসী পুৰুষক হত্যা কৰা হ’ল..

এয়া যুদ্ধ নাছিল..

তেওঁলোকে উলটি যুঁজিবলৈ সুযোগ পোৱা নাছিল..

এয়া আছিল চৰম কাপুৰুষালি..

এই কথাই যিকোনো এজন ভাৰতীয়ৰে হৃদয় ভাঙিব..

কিন্তু

কিন্তু

কিন্তু

নিৰাপত্তা বাহিনীবোৰে উপত্যকাটোত কি কৰা নাই!

তোমালোকে তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰিছা..

তোমালোকে তেওঁলোকৰ শিশুবোৰক পংগু কৰিছা, হত্যা কৰিছা..

তোমালোকে তেওঁলোকৰ পুৰুষসকলক হত্যা কৰিছা..

তোমালোকৰ মিডিয়াই তেওঁলোকক নিৰন্তৰ অসুৰ সজাই আছে..

আৰু তোমালোকে কোনো প্ৰতিশোধ আশা নকৰি পাৰা??

তোমালোকে কি জানা?

‘সন্ত্ৰাসবাদ’টো ইছলামৰ পৰা আহিব পাৰে,

কিন্তু ‘কৰ্ম’ হ’ল একেবাৰে ভাৰতীয়, একেবাৰে সনাতনীয় ধাৰণা..

সেইটো গমি চোৱা!’’

এইদৰে পাপৰিয়ে ঘটনাটোৰ এটা নিজা দৃষ্টিৰ পোষ্টমৰ্টেম কৰাৰ পিছতে একাংশই ইয়াক কাশ্মীৰ-ঘটনাৰ প্ৰতি হেয় মনোভাবৰ প্ৰকাশ বুলি ধাৰণা কৰি লয়। কেৱল সেয়াই নহয়, বেনাৰ্জীক তেওঁৰ পোষ্টটোৰ বাবে কিছুমান য়ুজাৰে তেওঁৰ ইনবক্সত ধৰ্ষণ আৰু হত্যাৰ ভাবুকিও দিয়ে, যাৰ বাবেও অধ্যাপিকাগৰাকীয়ে অসম আৰক্ষীক দৃষ্টিগোচৰ কৰে নিজৰ পো্ষ্টৰ জৰিয়তে।

উল্লেখযোগ্য যে পূৰ্বেও পাপৰি বেনাৰ্জীয়ে এনেকুৱা ভাবুকিৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ অসুৰক্ষিত অনুভৱ কৰিছে বুলি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীলৈ টুইট কৰিব লগীয়া হৈছিল। মেনকা গান্ধীয়ে সঁহাৰি জনাই অসম আৰক্ষীলৈ তাৎক্ষণিকভাৱে সুৰক্ষা নিশ্চিত কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd