NORTHEAST NOW (Assamese)

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

January 16, 2021 10:39 am · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ভাৰত আৰু বাংলাদেশ সীমান্ততো ভাৰত-পাকিস্তানৰ মাজত বাঘা-আত্তাৰি সীমান্তত হোৱাৰ দৰে পেৰেড অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে দুয়োখন দেশে।

অসমৰ কৰিমগঞ্জ জিলাৰ জিৰ’ লাইনত থকা অঞ্চলত ইতিমধ্যে ভূমি সংগ্ৰহৰ বাবে যাৱতীয় কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

অসমৰ শিল্প আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ নিৰ্দেশত ভূমি নিৰ্ধাৰণ কৰা হৈছে বুলিও খবৰ লাভ কৰা হৈছে।

অসমৰ কৰিমগঞ্জ সীমান্তত ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ মাজত দৈনিক পেৰেড অনুষ্ঠিত হ’লে অঞ্চলটোত পৰ্যটনৰ সম্ভাৱনাও যথেষ্ঠ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হৈছে।

কৰিমগঞ্জ জিলাৰ উপায়ুক্ত আনবামুথান এমপিয়ে পাঞ্জাৱৰ ৱাঘা সীমান্তৰ দৰে অসম-বাংলাদেশ সীমান্ততো প্ৰতিদিনে  পেৰেড অনুষ্ঠিত হ’ব বুলি কয়।

ভাৰত আৰু বাংলাদেশৰ মাজত পেৰেড অনুষ্ঠিত হ’লে এই পেৰেডতো ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু বোৰ্ডাৰ গাৰ্ড বাংলাদেশে অংশগ্ৰহণ কৰিব।

Related News