NORTHEAST NOW (Assamese)

দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে শিক্ষয়িত্ৰীৰ ৰোমাঞ্চৰ অন্তৰংগ ছবি ভাইৰেল; ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱকৰ

December 29, 2023 11:08 am · এন ই নাও নিউজ, গুৱাহাটী
ভাইৰেল ফটোঃ সংগ্ৰহীত।

কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ পৰা প্ৰকাশ পোৱা এক চাঞ্চল্যকৰ কাণ্ডত চৰকাৰী বিদ্যালয়ৰ ৪২ বছৰীয়া প্ৰধান শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰৰ অন্তৰংগ ভংগীমাৰ এখন ছবি ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত দশম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ অভিভাৱকে স্কুল মেনেজমেন্টৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

ঘটনা অনুসৰি, শিক্ষামূলক ভ্ৰমণৰ সময়ত বন্দী হোৱা বুলি অভিযোগ উত্থাপন হোৱা ভাইৰেল ফটোখনত দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই নিজৰ শিক্ষয়িত্ৰীৰ সৈতে ৰোমান্টিকভাৱে পোজ দিয়াৰ লগতে গালত চুমা খোৱা আৰু একে সময়তে শাৰীখন তেওঁৰ ফালে টানি থকা দেখা গৈছে।

সেয়াই নহয়, কোলাত তুলি লোৱা ছাত্ৰজনৰ গালত সাৱটি চুমা খোৱাও দেখা যায় শিক্ষয়িত্ৰীগৰাকীক। তেওঁৰ হাতত গোলাপী ফুল এটাও দেখা যায়।

লগতে পঢ়কঃ শুনাত দেখা দিছিল সমস্যাই! মহিলাৰ কাণত বাহ সাজিছিল মকৰাই, তাৰপিছত…

এতিয়া এই যুটিৰ অন্তৰংগ আৰু আপত্তিজনক ছবিয়ে ইণ্টাৰনেটত ভাইৰেল হৈ আছে আৰু নেটিজেনৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে। একাংশই এই কাৰ্য্যৰ সৈতে জড়িত কিশোৰগৰাকী বাবে উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে আন কোনোৱে শিক্ষয়িত্ৰীগৰাকীক ছাত্ৰৰ সৈতে ইমান লজ্জাজনকভাৱে অন্তৰংগ আৰু ৰোমান্টিক হোৱাৰ বাবে ঠাট্টা-মস্কৰা কৰিছে।

ইয়াৰ মাজতে ভাইৰেল ভিডিঅ’টোক লৈ ক্ষুব্ধ হৈ ছাত্ৰগৰাকীৰ অভিভাৱকে সমগ্ৰ ঘটনাৰ অভিযোগ ব্লক এডুকেশ্যন অফিচাৰ (বিইঅ’) ভি উমাদেৱীৰ ওচৰত দাখিল কৰে আৰু তাৰ পিছত মুৰুগমল্লা চৰকাৰী হাইস্কুলখনলৈ গৈ ভাইৰেল ভিডিঅ’ৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰে।

ব্লক এডুকেশ্যন অফিচাৰ উমাদেৱীয়ে ডেকান জানিবলৈ দিয়ে যে তেওঁ ইতিমধ্যে ল’ৰাজনৰ পিতৃ-মাতৃৰ সৈতে যোগাযোগত আছে আৰু অতি সোনকালে বিষয়টোৰ সম্পূৰ্ণ সবিশেষ প্ৰকাশ কৰিব।

আন এক বাতৰি মতে, ছাত্ৰজনৰ অভিভাৱকে পিছত নিজেই বিদ্যালয়খনলৈ গৈ দশম শ্ৰেণীৰ ছাত্ৰজনৰ সৈতে আপত্তিজনক কামত জড়িত থকাৰ বাবে শিক্ষয়িত্ৰীগৰাকীৰ সৈতে মুখামুখি কাজিয়াত লিপ্ত হয়।

Related News