ল’কডাউনৰ সময়ত জন্মলাভ কৰা বাবে মাতৃ-পিতৃয়ে নিজ সন্তানৰ নাম ৰাখিলে ল’কডাউন, কিন্তু কিয়?

UP story

উত্তৰ-প্ৰদেশত জন্মলাভ কৰা সন্তানটো

ল’কডাউনৰ সময়ত দেশত বিভিন্ন সমস্যাই দেখা দিয়াৰ সময়তে উত্তৰ প্ৰদেশৰ দেওৰিয়াৰ এটা পৰিয়ালে তেওঁলোকৰ নতুনকৈ জন্মলাভ কৰা সন্তানটোৰ নামকৰণ কৰে ল’কডাউন।

সন্তানটোৰ পিতৃ-মাতৃয়ে জনোৱা অনুসৰি সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আৰু সকলোৰে মংগলৰ বাবে ল’কডাউন ঘোষণা কৰা হৈছে সেয়েহে তেওঁলোকেও সন্তানটোৰ নাম ল’কডাউন ৰাখিব বিচাৰে।

‘‘সমাজৰ মংগলৰ বাবে এই ল’কডাউন আৰু ল’কডাউনে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধত সহায় কৰিব, সেইবাবে আমি আমাৰ সন্তানৰ নাম ল’কডাউন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’ পিতৃ গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, বিগত দেওবাৰে সন্ধিয়া পৱন প্ৰসাদ নামৰ ব্যক্তি গৰাকীৰ পত্নী নিৰজা দেৱীয়ে উত্তৰ প্ৰদেশৰ খুখুন্দু চহৰৰ এখন চিকিৎসালয়ত এটি সন্তানৰ জন্ম দিয়ে। দেশৰ ল’কডাউনৰ সময়ছোৱাত জন্মলাভ কৰা বাবে পিতৃ-মাতৃয়ে সন্তানটোৰ নাম ল’কডাউন ৰাখে।

আনহাতে, মাতৃ নিৰজাই প্ৰথমে অঞ্চলটোৰ লোকসকলে তেওঁলোকে পুত্ৰৰ নাম ল’কডাউন ৰখাৰ বাবে উপলুঙা কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকে ল’কডাউনৰ গুৰুত্ব উপলব্ধি কৰে।

পিতৃ পৱন কুমাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ আন্তৰিকতা আৰু কষ্টৰে ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুদ্ধৰ বাবে সমগ্ৰ দেশক সাজু কৰাইছে বুলি মন্তব্য কৰে।