• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্তানৰ সন্মুখত পিতৃ-মাতৃয়ে কেতিয়াও কৰা উচিত নহয় এই ৫টা কাম; জানি লওক কোনকেইটা কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2024 7:41 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1.1k
VIEWS
Share on FacebookShare on Twitter

এজন অভিভাৱক হিচাপে সন্তান লালন-পালনত মনোনিৱেশ কৰাটো প্ৰয়োজনীয় যাতে আপোনাৰ সন্তানে ডাঙৰ হৈ এজন ভাল মানুহ হৈ পৰে। কিন্তু কিছুমান অভিভাৱকে গম নোপোৱাকৈয়ে কিছু ভুল কৰি পেলায়। পিতৃ-মাতৃৰ এই ভুলবোৰে সন্তানৰ জীৱনত প্ৰভাৱ পেলায়। সন্তানৰ সন্মুখত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই লৈ বহুতে উদাসীন। সেয়, যদি আপুনি আপোনাৰ সন্তানক উজ্জ্বল ভৱিষ্যত দিব বিচাৰে তেন্তে সন্তানৰ সন্মুখত এই ৫টা কাম পৰিহাৰ কৰক।

ডাঙৰক অসন্মান কৰিব নোৱাৰে

যদি আপুনি আপোনাৰ সন্তানে বয়োজ্যেষ্ঠসকলক সন্মান কৰাটো বিচাৰে তেন্তে শিশুটিৰ সন্মুখত বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগিব। ভদ্ৰভাৱে কথা ক’ব লাগিব, সৰুবোৰৰ লগত সমান মৰম আৰু চেনেহ দেখুৱাব লাগিব। তেতিয়াহে আপোনাৰ সন্তানে সম্পৰ্ক আৰু আৱেগৰ গুৰুত্ব বুজিব।

মনযোগ দি শুনক

যেতিয়া আপোনাৰ সন্তানে আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰে তেতিয়া ভালদৰে শুনিব। তেওঁক কথা পতাৰ সুযোগ দিয়ক। ইয়াৰ পিছত আপুনি কি বুজাব বিচাৰে বুজাই দিয়ক। শিশু অৱস্থাত নিজৰ সন্তানক আওকাণ নকৰিব।

নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব

বহু সময়ত পিতৃ-মাতৃয়ে শিশুৱে ভুল কৰিলে ‘মূৰ্খ’, ‘পাগল’ আদি শব্দ ব্যৱহাৰ কৰে, যাৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। বাৰে বাৰে শিশুটিয়ে সেইটো সঁচা বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তেওঁ নিজকে হীনমন্যতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। গতিকে, আপোনাৰ সন্তানক এইবোৰ কথা কোৱাৰ পৰা বিৰত থাকক।

অতিৰিক্ত নিয়ন্ত্ৰণ

যদি আপুনি আপোনাৰ সন্তানৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ জাপি দিবলৈ আৰম্ভ কৰে তেন্তে তেওঁৰ মাজত আত্মসন্দেহৰ সৃষ্টি হ’ব পাৰে। তেওঁৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতা দুৰ্বল হৈ পৰিব। গতিকে, পিতৃ-মাতৃ হিচাপে যেতিয়া শিশুৱে নতুন কিবা এটা কৰিব বিচাৰে তেতিয়া তেওঁক সেই কামটো কৰিবলৈ দিয়ক। যদি আপুনি তেওঁ কোৱা কথাবোৰ ভুল বুলি ভাবে, তেন্তে তেওঁ ভুল কৰাৰ আগতে তেওঁক বাধা দিবলৈ তেওঁৰ ওপৰত চকু ৰখাটো প্ৰয়োজন। ইয়াৰ পিছত তেওঁৰ নতুন কামটো কিয় ভুল হৈছে সেই কথা বুজাব লাগিব।

প্ৰথমে নিজকে সলনি কৰক

বহু অভিভাৱকে সন্তানক মোবাইল ফোন নাচাবলৈ, আনৰ সম্পৰ্কে বেয়া কথা নক’বলৈ, স্বাস্থ্যসন্মত খাদ্য খাবলৈ কয়। কিন্তু যদি আপুনি আপোনাৰ সন্তানক মোবাইলটো নাচাবলৈ কয়, তেন্তে আপুনি প্ৰথমে মোবাইল চোৱাটো বন্ধ কৰিব লাগিব। একেদৰে যদি আপুনি আপোনাৰ সন্তানে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো বিচাৰে তেন্তে আপুনি প্ৰথমে সেইটো কৰিব লাগিব।

সেয়ে, আপুনি আপোনাৰ সন্তানৰ পৰা যি আশা কৰে, প্ৰথমে নিজেই কৰক। কাৰণ পিতৃ-মাতৃ সন্তানৰ বাবে আদৰ্শ। মনত ৰাখিব, ল’ৰা-ছোৱালীয়ে ভাল-বেয়া অভ্যাস পিতৃ-মাতৃৰ পৰাই শিকে।

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd