NORTHEAST NOW (Assamese)

সন্তানৰ সন্মুখত পিতৃ-মাতৃয়ে কেতিয়াও কৰা উচিত নহয় এই ৫টা কাম; জানি লওক কোনকেইটা কাম

October 17, 2024 7:41 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

এজন অভিভাৱক হিচাপে সন্তান লালন-পালনত মনোনিৱেশ কৰাটো প্ৰয়োজনীয় যাতে আপোনাৰ সন্তানে ডাঙৰ হৈ এজন ভাল মানুহ হৈ পৰে। কিন্তু কিছুমান অভিভাৱকে গম নোপোৱাকৈয়ে কিছু ভুল কৰি পেলায়। পিতৃ-মাতৃৰ এই ভুলবোৰে সন্তানৰ জীৱনত প্ৰভাৱ পেলায়। সন্তানৰ সন্মুখত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই লৈ বহুতে উদাসীন। সেয়, যদি আপুনি আপোনাৰ সন্তানক উজ্জ্বল ভৱিষ্যত দিব বিচাৰে তেন্তে সন্তানৰ সন্মুখত এই ৫টা কাম পৰিহাৰ কৰক।

ডাঙৰক অসন্মান কৰিব নোৱাৰে

যদি আপুনি আপোনাৰ সন্তানে বয়োজ্যেষ্ঠসকলক সন্মান কৰাটো বিচাৰে তেন্তে শিশুটিৰ সন্মুখত বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগিব। ভদ্ৰভাৱে কথা ক’ব লাগিব, সৰুবোৰৰ লগত সমান মৰম আৰু চেনেহ দেখুৱাব লাগিব। তেতিয়াহে আপোনাৰ সন্তানে সম্পৰ্ক আৰু আৱেগৰ গুৰুত্ব বুজিব।

মনযোগ দি শুনক

যেতিয়া আপোনাৰ সন্তানে আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰে তেতিয়া ভালদৰে শুনিব। তেওঁক কথা পতাৰ সুযোগ দিয়ক। ইয়াৰ পিছত আপুনি কি বুজাব বিচাৰে বুজাই দিয়ক। শিশু অৱস্থাত নিজৰ সন্তানক আওকাণ নকৰিব।

নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব

বহু সময়ত পিতৃ-মাতৃয়ে শিশুৱে ভুল কৰিলে ‘মূৰ্খ’, ‘পাগল’ আদি শব্দ ব্যৱহাৰ কৰে, যাৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। বাৰে বাৰে শিশুটিয়ে সেইটো সঁচা বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তেওঁ নিজকে হীনমন্যতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। গতিকে, আপোনাৰ সন্তানক এইবোৰ কথা কোৱাৰ পৰা বিৰত থাকক।

অতিৰিক্ত নিয়ন্ত্ৰণ

যদি আপুনি আপোনাৰ সন্তানৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ জাপি দিবলৈ আৰম্ভ কৰে তেন্তে তেওঁৰ মাজত আত্মসন্দেহৰ সৃষ্টি হ’ব পাৰে। তেওঁৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতা দুৰ্বল হৈ পৰিব। গতিকে, পিতৃ-মাতৃ হিচাপে যেতিয়া শিশুৱে নতুন কিবা এটা কৰিব বিচাৰে তেতিয়া তেওঁক সেই কামটো কৰিবলৈ দিয়ক। যদি আপুনি তেওঁ কোৱা কথাবোৰ ভুল বুলি ভাবে, তেন্তে তেওঁ ভুল কৰাৰ আগতে তেওঁক বাধা দিবলৈ তেওঁৰ ওপৰত চকু ৰখাটো প্ৰয়োজন। ইয়াৰ পিছত তেওঁৰ নতুন কামটো কিয় ভুল হৈছে সেই কথা বুজাব লাগিব।

প্ৰথমে নিজকে সলনি কৰক

বহু অভিভাৱকে সন্তানক মোবাইল ফোন নাচাবলৈ, আনৰ সম্পৰ্কে বেয়া কথা নক’বলৈ, স্বাস্থ্যসন্মত খাদ্য খাবলৈ কয়। কিন্তু যদি আপুনি আপোনাৰ সন্তানক মোবাইলটো নাচাবলৈ কয়, তেন্তে আপুনি প্ৰথমে মোবাইল চোৱাটো বন্ধ কৰিব লাগিব। একেদৰে যদি আপুনি আপোনাৰ সন্তানে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো বিচাৰে তেন্তে আপুনি প্ৰথমে সেইটো কৰিব লাগিব।

সেয়ে, আপুনি আপোনাৰ সন্তানৰ পৰা যি আশা কৰে, প্ৰথমে নিজেই কৰক। কাৰণ পিতৃ-মাতৃ সন্তানৰ বাবে আদৰ্শ। মনত ৰাখিব, ল’ৰা-ছোৱালীয়ে ভাল-বেয়া অভ্যাস পিতৃ-মাতৃৰ পৰাই শিকে।

Related News