আলোচনাপন্থী শীৰ্ষ আলফা নেতাৰ সৈতে নিয়মিত সম্পৰ্ক ৰক্ষা কৰিছে পৰেশ বৰুৱাই

Paresh-Baruah-1-750x375

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

সংযুক্ত মুক্তি বাহিনী, অসম-স্বাধীন(আলফা-স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে বিদ্ৰোহী সংগঠনটোৰ আলোচনাপন্থী গোটৰ কেইগৰাকীমান শীৰ্ষ নেতাৰ সৈতে নিয়মিত সম্পৰ্ক ৰক্ষা কৰি আছে।

বৰ্তমান চীনত থকা বুলি প্ৰকাশ পোৱা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ বৰুৱাই ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত হ’বলৈ অসমৰ একাংশ লোকৰ সৈতে নিয়মিত যোগাযোগ ৰাখিছে।

বৰুৱাই লগতে বিদ্ৰোহী সংগঠনটোৰ একাংশ আলোচনাপন্থী নেতাৰ সৈতে নিয়মিতভাৱে কথা পাতি আছে। ‘দ্য আছাম ট্ৰিবিউন’ কাকতে এই বাতৰি প্ৰকাশ কৰিছে।

বাতৰি অনুসৰি, উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ বিৰুদ্ধে  টাগাত ম্যানমাৰ সেনাই অভিযান চলোৱাৰ পাছত আলফা স্বাধীনে চীন সীমান্তৰ ওচৰত থকা ইয়াৰ ঘাটি স্থানান্তৰ কৰিছে।

আলফা স্বাধীনৰ কেডাৰসকল বৰ্তমান চীন সীমান্তৰ সৈতে থকা ম্যানমাৰৰ অস্থায়ী শিৱিৰত আছে।

‘’জানিব পৰা মতে ম্যানমাৰ সেনাৰ অভিযানৰ ফলত তেওঁলোকে মুখ্য কাৰ্যালয়টো হেৰুৱাব লগা হৈছিল যদিও কোনো বিদ্ৰোহী সদস্যৰ ক্ষতি হোৱা নাছিল,’’-বাতৰিত কোৱা হৈছে।

২০১৯ৰ প্ৰথমভাগত ম্যানমাৰ সেনাই টাগা অঞ্চলত থকা আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়টো দখল কৰিছিল।

অভিযানৰ সময়ত এজন আলফা স্বাধীনৰ সদস্য নিহত হৈছিল আৰু আন কেইজনমান বিদ্ৰোহীক পাছত ভাৰতক গটাই দিয়া হৈছিল।