“স্বাধীনতাৰ চৰ্তবিহীন” আলোচনা নাকচ পৰেশ বৰুৱাৰ

ulfa_training_camp_20110207_402_602_570_850

এটা প্ৰশিক্ষণ কেন্দ্ৰত পৰেশ বৰুৱা। Outlook -ৰ পৰা লোৱা ফটো।

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি আলফা (স্বা:)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৈছে যে “স্বাধীনতা”ক যদি আলোচনাৰ এটা চৰ্ত কৰি লোৱা নহয়, তেতিয়া হ’লে তেওঁ এই প্ৰস্তাৱ গ্ৰহণ নকৰে।

নেতাজন অচিৰেই শান্তি আলোচনাত বহিবলৈ সন্মত হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰেৰে এটা বাতৰি প্ৰকাশ কৰিছিল Outlook নামৰ বাৰ্তালোচনীখনে। বাতৰিটোৰ মতে, ৰঙালী বিহুৰ আগে আগে বৰুৱাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব আৰু চুক্তি স্বাক্ষৰ কৰিব। এই বাতৰি নৰ্থ-ইষ্ট নাওতো প্ৰকাশ হৈছিল।

আনহাতে ২৭ জানুৱাৰিত বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কেন্দ্ৰীয় চৰকাৰৰ হৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছিল শান্তি আলোচনাত ভাগ ল’বৰ বাবে।

লগতে পঢ়ক ৪০ বছৰৰ পিছত অসমলৈ আহি আছে পৰেশ বৰুৱা!

ইয়াৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সশস্ত্ৰ সংগ্ৰামক ৪১ বছৰ নেতৃত্ব দিয়া বৰুৱাই।

এই খবৰৰ প্ৰতিক্ৰিয়া দি পৰেশ বৰুৱাই অসমৰ এটা টেলিভিশ্যন চেনেলক ২৮ জানুৱাৰিৰ নিশা ফোনত “অসমৰ স্বাধীনতা” আলোচনাৰ পূৰ্ব চৰ্ত হিচাপে দোহাৰে।

টেলিফোনিক বাৰ্তালাপটোত বৰুৱাই আৰু কয়, যদিহে ভাৰত চৰকাৰে আলোচনাৰ সময়ত সাৰ্বভৌমত্বক এটা চৰ্ত হিচাপে ৰখাৰ স্পষ্ট নিশ্চয়তা দিয়ে তেতিয়া আলফা (স্বা:)ই আলোচনালৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিব।

“আমি যিহেতু স্বাধীনতা দাবী কৰি আহিছো আৰু সেইটো আমাৰ বাবে এটা মূল কথা। ভাৰত চৰকাৰক স্বাধীনতাৰ চৰ্তটো আলোচনাৰ মেজলৈ আনিবলৈ দিয়ক। আমি আমাৰ বক্তব্য ৰাখিম আৰু ভাৰত চৰকাৰেও তেওঁলোকৰ স্থিতি জনাব। যদি ইমানবোৰ দেশে এই চৰ্তত আলোচনা কৰিব পাৰে, ভাৰতে কিয় নোৱাৰিব”, এটা সংবাদ প্ৰতিষ্ঠানত বৰুৱাৰ উদ্ধৃতি।

প্ৰতিবেদনটোত তেওঁৰ উদ্ধৃতি হিচাপে আৰু কোৱা হয়, “মাত্ৰ এবাৰ কওক, আমি আলোচনাৰ মেজলৈ আমাৰ প্ৰতিনিধি প্ৰেৰণ কৰিম। আমাৰ আৰু ভাৰত চৰকাৰৰ মাজত এইটোৱে সমস্যা”।

বৰুৱাৰ এই প্ৰতিক্ৰিয়া আৰু মন্তব্য এতিয়া শান্তি আলোচনা সম্পৰ্কে শেহতীয়া ৰেঙনি মাৰ নিওৱাৰ উপক্ৰম ঘটাইছে।