• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪০ বছৰৰ পিছত অসমলৈ আহি আছে পৰেশ বৰুৱা!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2020 6:59 pm
ulfa_training_camp_20110207_402_602_570_850

এটা প্ৰশিক্ষণ কেন্দ্ৰত পৰেশ বৰুৱা। Outlook -ৰ পৰা লোৱা ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সফলতাৰে বড়ো চুক্তি সম্পাদন হোৱাৰ এদিন পিছতে আলফা (স্বা:)ৰ প্ৰসংগই গুৰুত্বসহ ঠাই পাইছে ৰাজ্যৰ ৰাজনৈতিক মহলত।

আজি মন্ত্ৰী হিমন্ত বিশ্বই আলফা (স্বা:)ৰ শীৰ্ষ নেতা পৰেশ অসম ওৰফে পৰেশ বৰুৱালৈ আহ্বান জনোৱাৰ পিছতে Outlook নামৰ দেশৰ আগশাৰীৰ বাৰ্তালোচনীখনে এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদনত কৈছে যে আলফা (স্বা:)ৰ সেনাধ্যক্ষজনে ৪১ বছৰীয়া সশস্ত্ৰ সংগ্ৰাম এৰি শান্তি চুক্তিলৈ অচিৰেই আহিব।

Apply Now

কেইবাটাও সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনটোত কোৱা হৈছে যে আলফাৰ সৈতে হ’ব লগীয়া শান্তিচুক্তিখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৰঙালী বিহুৰ উপহাৰ হিচাপে আগ বঢ়াব।

ৰঙালী বিহু এপ্ৰিলৰ মাজভাগত পালন কৰা হয় আৰু ই অসমীয়া নৱবৰ্ষ।

য়ুনাইটেড লিবাৰেইশ্যন ফ্ৰণ্ট অব আছাম (ULFA) নামৰ সংগঠনটোৱে অসমৰ খিলঞ্জীয়া লোকৰ বাবে এখন স্বাধীন অসমৰ দাবীত ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰাই যুঁজ চলাই আহিছে।

অতি তাৎপৰ্য্যপূৰ্ণভাৱে Outlook-ৰ প্ৰতিবেদনটোত কোৱা হৈছে যে পৰেশ বৰুৱাৰ শৈশৱৰ বন্ধু তথা বৰ্তমান নিৰুদ্দিষ্ট হৈ থকা ৰেবতী ফুকনে এই অচলাৱস্থা দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু আলোচনা-বিৰোধী গোটটোক আলোচনাৰ মেজলৈ আনিবলৈ পতিয়ন নিয়াইছে।

পৰেশ বৰুৱাই নতুন দিল্লীৰ সৈতে সদায়ে ৰাজনৈতিক আলোচনাক অগ্ৰাহ্য কৰি আহিছে আৰু আলোচনাৰ বাবে পূৰ্বে তিনিটাকৈ পূৰ্বচৰ্ত আৰোপ কৰিছিল।

Outlook-ৰ প্ৰতিবেদনটো পঢ়ক ULFA Peace Accord Likely In April; Paresh Barua Set For Homecoming After 40 Years

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা:)ই যোৱা ৭১ সংখ্যক গণৰাজ্য দিৱসত উজনি অসমত ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাইছিল।

দীৰ্ঘদিন গা বচাই থাকিবলৈ সক্ষম হোৱা আলফাৰ সেনাধ্যক্ষজনে সদায়ে এই দাবী কৰি আহিছে যে “স্বাধীন অসম” বিষয়টো কাৰ্য্যসূচীত থাকিলেহে আলোচনা সম্ভৱ।

নেতাজনে এই কথাও কৈ আহিছে যে আলোচনাৰ স্থান তৃতীয় এখন দেশত হ’ব লাগিব আৰু সেয়াও ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ নিৰীক্ষণত।

Outlook–ৰ প্ৰতিবেদনটোৱে কোৱা কথা যদি সত্য হয়, তেন্তে ৰেবতী ফুকনে কেনেকৈ পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে এই তিনিওটা চৰ্ত প্ৰত্যাহাৰ কৰিবলৈ ৰাজি কৰাইছে এইটো এটা লাখ টকীয়া প্ৰশ্ন হ’ব।

ৰেবতী ফুকন এজন প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ। তেওঁ যোৱা ২০১৮ চনৰ ২২ এপ্ৰিলত অম্বিকাগিৰী নগৰৰ নিজা বাসগৃহৰ পৰা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হৈছিল।

ফুকন পূৰ্বে আলফা-চৰকাৰৰ আলোচনাৰ বাবে গঠিত পীপলছ কনছালটেটিভ গ্ৰুপ (পি চি জি)ৰ এজন সদস্য আছিল।

পি চি জিয়ে নতুন দিল্লীৰ সৈতে তিনি ৰাউণ্ডৰ আলোচনাত বহিছিল, যাৰ প্ৰথমখন বৈঠক আছিল ২০০৫ চনৰ ২৬ অক্টোবৰত আৰু বৈঠকত তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙ উপস্থিত আছিল।

গৃহ মন্ত্ৰ্যালয়ৰ উদ্ধৃতি দি Outlook-ৰ প্ৰতিবেদনটোত দাবী কৰা হৈছে আলফাৰ সৈতে আলোচনা চূড়ান্ত স্তৰত আছে আৰু অসমৰ খিলঞ্জীয়া লোকলৈ সাংবিধানিক ৰক্ষাকৱচকে ধৰি প্ৰায়বোৰ বিষয় সমাধান হৈ গৈছে।

আৰু আলফাৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে নতুন দিল্লীয়ে “অসমীয়া”ৰ সংজ্ঞা চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই গুৱাহাটীত ঘোষণা কৰিছে যে খিলঞ্জীয়া অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰা হ’ব।

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ কমিটীয়ে ইয়াৰ প্ৰতিবেদন ফেব্ৰুৱাৰি মাহৰ মাজভাগতে কেন্দ্ৰীয় চৰকাৰৰ হাতত দিয়াৰ কথা।

নতুন দিল্লীৰ প্ৰতিশ্ৰুতিটো হ’ল- অসম চুক্তিৰ ৬ নং দফাৰ অধীনত অসমৰ খিলঞ্জীয়া মানুহ সাংবিধানিক ৰক্ষাকৱচ পাবৰ বাবে যোগ্য হ’ব।

উল্লেখ কৰিব পাৰি যে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াৰ নেতৃত্বত আলফাৰ আন এটা গোটে ২০১০ চনৰ পৰাই নতুন দিল্লীৰ সৈতে শান্তি আলোচনা চলাই আছে।

দুয়োজন নেতাই অচিৰেই নতুন দিল্লীৰ সৈতে চুক্তিত আবদ্ধ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd