অলিম্পিকক পৃথিৱীৰ আটাইতকৈ মহান আৰু বৃহৎ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। বিভিন্ন খেলৰ প্ৰতিযোগিতাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ এক অবিচ্ছেদ্য অংগ হৈছে যৌনতা। যৌনতা অবিহনে যেন অলিম্পিক অসম্পূৰ্ণ।
এইবাৰ পেৰিছত অনুষ্ঠিত হ’ব অলিম্পিক ২০২৪। পেৰিছ অলিম্পিকত বিশ্বৰ ২০৬খন দেশৰ প্ৰায় ১০,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে ৫২৫০ গৰাকী পুৰুষ আৰু ৫২৫০ গৰাকী খেলুৱৈ।
উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে অলিম্পিক চাবলৈ পেৰিলৈ সমাগম ঘটিব বিশ্বৰ সকলো প্ৰান্তৰ, সকলো দেশৰ লাখ লাখ দৰ্শক তথা ক্ৰীড়ানুৰাগী। এই সকলোৰে উপস্থিতিত পেৰিছ হৈ পৰিব মুক্ত যৌনতাৰ ৰমণীয় চৰণীয়া পথাৰ। এনেয়েও মুক্ত আৰু উদাৰ যৌনতাৰ ক্ষেত্ৰত পেৰিছ চহৰৰ এটা সুকীয়া পৰিচয় আছে।
যোৱা বাৰ টকিঅ’ অলিম্পিক আৰম্ভ হোৱাৰ আগতে চৰ্চা লাভ কৰিছিল ‘এণ্টি-চেক্স’ বিচনাই। টকিঅ’ অলিম্পিকত প্ৰতিযোগীসকলক যৌন সম্পৰ্কৰ পৰা আঁতৰাই ৰাখিবলৈ আয়োজকসকলে এনে বিচনাৰ কথা চিন্তা কৰিছিল। কিয়নো টকিঅ’ অলিম্পিক অণুষ্ঠিত হৈছিল কোভিডকালীন পৰিস্থিতিৰ মাজত। সেয়েহে আয়োজকসকলে যৌন সম্পৰ্ক স্থাপনকে ধৰি কেইবাটাও বাধা আৰোপ কৰিছিল। খেলুৱৈসকলক যৌন সম্পৰ্কৰ পৰা যিমান পাৰি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল আয়োজক সকলে।
কিন্তু এইবাৰ আৰু ক’ৰ’না নাই। লগতে পেৰিছো পৰিচিত যৌনতাৰ ৰম্যভূমি হিচাপে। গতিকে এইবাৰ খেলুৱৈ সকলে মুক্তমনে গ্ৰহণ কৰিব পাৰিব যৌনতাৰ আনন্দ।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী নিৰাপদ যৌন সম্পৰ্ক আৰু এইচ আই ভি প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয়। ১৯৮৮ চনৰ ছিউল অলিম্পিকত ৮৫০০ বিনামূলীয়া কণ্ডম বিতৰণ কৰিছিল অলিম্পিক কৰ্তৃপক্ষই। তেতিয়াৰে পৰা প্ৰত্যেক বছৰে অলিম্পিকত প্ৰদান কৰা হয় বিনামূলীয়া কণ্ডম।
বছৰ বছৰ ধৰি কণ্ডম বিতৰণৰ পৰিসংখ্যাই এটা কথা স্পষ্ট কৰি দিয়ে যে অলিম্পিক যৌনতাৰ সৈতে জড়িত হৈ আহিছে। এইবাৰো অলিম্পিকত প্ৰদান কৰা হৈছে বিনামূলীয়া কণ্ডম। লগত ব্যৱস্থা কৰা হৈছে সকলো যাৱতীয়া সুবিধা আৰু সুৰক্ষাৰ ব্যৱস্থা। ইয়াৰোপৰি অলিম্পিক অনুষ্ঠিত হোৱা ঠাইত যৌন স্বাস্থ্য পৰীক্ষা কেন্দ্ৰও থাকিব। খেলুৱৈসকলকো নিৰাপদ যৌন সম্পৰ্কৰ পাঠ দিয়া হ’ব। লগতে এই অঞ্চলত থাকিব নন-এলকহলিক বাৰ।
পেৰিছ আলিম্পিকলৈ মাত্ৰ পাঁচ দিন বাকী। তাৰ পিছত আৰম্ভ হ’ব অলিম্পিক। এই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ১১৭ জন খেলুৱৈয়ে। ইয়াৰে ৭০ জন পুৰুষ আৰু ৪৭ গৰাকী মহিলা খেলুৱৈ। ভাৰতীয় খেলুৱৈ সকলে ৬৯টা ইভেণ্টত ৯৫টা পদকৰ বাবে যুঁজিব। তেওঁলোকৰ লগত থাকিব ১৪০ জন সহায়ক কৰ্মচাৰী। ইতিমধ্যেই পেৰিছ অভিমুখে ৰাওনা হৈছে ২৫৭ জনীয়া এটা দল।
স্মৰ্তব্য যে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতে মুঠ ৭টা পদক লাভ কৰে। ইয়াৰ পূৰ্বে ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতে ৬ মেডেল লাভ কৰিছিল। যোৱা অলিম্পিকত নীৰজ চোপ্ৰাই জেভেলিনত সোণ, মিৰাবাই চানুৱে ৪৯ কেজি ভাৰোত্তোলনত ৰূপ, ৰবি দহিয়া ৫৭ কেজি ভাৰোত্তোলনত ৰূপ, লাভলিনা বাৰাগোহাইয়ে মহিলা ৱেল্টৰৱেট বক্সিংত ব্ৰঞ্জ, পিভি সিন্ধুৱে মহিলা একক বেডমিণ্টনত ব্ৰঞ্জ, আৰু বজৰং পুনিয়াই ফ্ৰীষ্টাইল মল্লযুঁজত পদক লৈ অলিম্পিকৰ পৰা উভতি আহিছিল। লগতে ভাৰতীয় পুৰুষ হকী দলেও ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইবাৰো ভাৰতে পূৰ্বতকৈ অধিক পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে লাখ লাখ ভাৰতীয়ই।