NORTHEAST NOW (Assamese)

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

January 18, 2021 10:36 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

পুনৰ শলঠেকত পৰিছে দুই ছচিয়েল মিডিয়া সংস্থা ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষ। সংস্থা দুটাক এইবাৰ তলব কৰিছে তথ্য প্ৰযুক্তি বিষয়ক কেন্দ্ৰীয় সংসদীয় কমিটিয়ে (পাৰ্লিয়ামেন্টেৰী ষ্টেণ্ডিং কমিটি)।

অহা ২১ জানুৱাৰিত সংস্থা দুটাৰ বিষয়াক কমিটিৰ সন্মুখত উপস্থিতি হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিগত কেইবছৰ ধৰি ভাৰতত ছচিয়েল মিডিয়াৰ ব্যৱহাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে। কৰ’নাৰ লকডাউনৰ পাছত ইয়াৰ ব্যৱহাৰ আৰু বৃদ্ধি পাইছে।

কিন্তু ইয়াৰ লগে লগে চাইবাৰ অপৰাধাৰ মাত্ৰাও বৃদ্ধি পাইছে।

সেইদৰে, ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্যও সুৰক্ষিত নহয় বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভতে ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক তথ্য প্ৰযুক্তি বিষয়ক কেন্দ্ৰীয় সংসদীয় কমিটিয়ে চমন জাৰি কৰি মাতি পঠিয়াইছে।

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাআৰু ব্যৱহাৰকাৰীসকলৰ তথ্য সুৰক্ষিত কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া জানিবলৈকে মূখ্যত: সংস্থা দুটাৰ বিষয়াসকলক তলব কৰা হৈছে।

ইয়াৰ পূৰ্বে যোৱা বছৰ অক্টোবৰ মাহতো ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰখাৰ প্ৰসংগত ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক তলব কৰা হৈছিল।

Related News