14-day judicial custody ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অপসাৰিত শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মুখাৰ্জীক

ইডিয়ে গ্ৰেপ্তাৰ কৰা পশ্চিমবংগৰ অপসাৰিত শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ মডেল অৰ্পিতা মুখাৰ্জীক আজি আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

ইডিৰ জিম্মাৰ পৰা তেওঁলোকক নিয়া হ’ল কাৰাগাৰলৈ। তেওঁলোকক পুনৰ ১৮ আগষ্টত আদালতত হাজিৰ কৰোৱা হ’ব।

আজি আদালতত শুনানিৰ অন্তত ন্যায়াধীশে পাৰ্থ আৰু অৰ্পিতাক ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ পাৰ্থ চেটাৰ্জীক প্ৰেচিডেন্সি কাৰাগাৰত ৰখা হ’ব আৰু অৰ্পিতাক আলিপুৰ মহিলা সংশোধনাগাৰলৈ প্ৰেৰণ কৰা হৈছে। দুয়োৰে সুৰক্ষা কাৰাগাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব বুলি আদালতে কয়।

এই সময়ছোৱাত এজন অনুসন্ধানকাৰী বিষয়াৰ সৈতে দুজন লোক কাৰাগাৰলৈ যাব পাৰিব আৰু তেওঁলোকক জেৰা কৰিব পাৰিব।পাৰ্থ চেটাৰ্জীৰ অধিবক্তাই উত্থাপিত অভিযোগ বোৰ ভিত্তিহীন বুলি প্ৰমাণ কৰিব বিচাৰে যদিও আদালতে সেয়া মানি নলয়৷অধিবক্তাই আদালতত দাবী কৰিছিল যে পাৰ্থ চট্টোপাধ্যায়ৰ কোনো সম্পত্তি জব্দ কৰা হোৱা নাই।

তেওঁ উৎকোচ লোৱাৰো কোনো প্ৰমাণ নাই। চিবিআইয়ে তেওঁৰ বিৰুদ্ধে কোনো তথ্য লাভ কৰা নাই। ইমানৰ পিছতো পাৰ্থক গোচৰটোত জড়িত কৰা হৈছে। তেওঁ বলিৰ পঠা হৈছে বুলি অধিবক্তাই কয়৷। পাৰ্থৰ জামিনৰ আবেদন তেওঁৰ অধিবক্তা কৃষ্ণ চন্দ্ৰ দাসে কৰিছিল।

অৱশ্যে, তেওঁৰ আবেদন আদালতে নাকচ কৰে আৰু দুয়োকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷