মোদীৰ ভ্ৰমণৰ প্ৰতিবাদ: বিভিন্ন স্থানত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

2924eb12ab9cc1046dca2875bde8699b

অসম বন্ধ: আলোকচিত্ৰ সৌজন্য-নৰ্থ-ইষ্ট নাও

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি কৰণৰ দাবীত তাই আহোম যুৱ ছাত্ৰ পৰিষদ আৰু তাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ ৰাজ্যখনত মিশ্ৰিত প্ৰভাৱ দেখা গৈছে। বিভিন্ন স্থানত প্ৰতিবাদকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে।

বাতৰি যুগুত কৰা পৰলৈকে সৰুপথাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে। ইয়াৰ উপৰিও নাজিৰাত প্ৰতিবাদকাৰী বন্ধ সমৰ্থকে টায়াৰ জ্বলাই বন্ধ পালন কৰে। তৈল নগৰী দুলীয়াজানত বন্ধৰ ফলত অইলৰ উৎপাদন সম্পূৰ্ণৰূপে ব্যহত হৈ পৰিছে।

আনহাতে, নাজিৰাৰ সোণাৰি আৰু গোলাঘাট জিলাৰ বিভিন্ন স্থানত বন্ধ সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধেমাজি জিলাৰো বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাবে পৰিলক্ষিত হৈছে।  বিভিন্ন অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা অঞ্চল সমূহৰ চৰকাৰী আৰু ব্যক্তিগত কাৰ্য্যলয় সমূহ বন্ধ ৰখা দেখা গৈছে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত অসম ভ্ৰমণৰ সময়ত অসমৰ বিভিন্ন দল, সংগঠন সমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক, ছয় জনগোষ্ঠীৰ জনজাতি কৰণ আদি প্ৰসংগলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী অসমত আহি উপস্থিত হোৱাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসম গণ পৰিষদৰ কৰ্মীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।