• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগ্নিবীৰ, আদানী-আম্বানী, সংখ্যালঘু…সংসদৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ ভাষণৰ অংশ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 2, 2024 11:27 am
অগ্নিবীৰ, আদানী-আম্বানী, সংখ্যালঘু…সংসদৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ ভাষণৰ অংশ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সংসদত ৯০ মিনিটৰ ভাষণ দি হিন্দু, অগ্নিবীৰকে ধৰি ২০টা বিষয়ত ভাষণ দিয়ে। ভাষণৰ সময়ত শাসক আৰু বিৰোধীৰ মাজত যথেষ্ট তৰ্ক-বিতৰ্ক হয়।

ইপিনে, লোকসভাত দিয়া ভাষণৰ পৰা ৰাহুল গান্ধীৰ কিছু বক্তব্য ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে। ইয়াৰ ভিতৰত উদ্যোগপতি আদানী, আম্বানী, সমগ্ৰ পৰীক্ষাটো কোটাত কেন্দ্ৰীভূত আৰু ধনীসকলৰ লাভৰ বাবে কৰা হৈছে আদি বক্তব্য আছে।

সংখ্যালঘুৰ প্ৰতি বিজেপিক অন্যায় ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা ৰাহুল গান্ধীৰ বক্তব্যও লোকসভাৰ আলোচনাৰ পৰা আঁতৰাই দিয়া হৈছে। ইয়াৰ বাহিৰেও অগ্নিবীৰ সেনাৰ পৰিকল্পনা নহয় পিএমঅ’ৰ পৰিকল্পনা আৰু নিজকে হিন্দু বুলি কোৱাসকলে হিংসা কৰে বুলি কোৱা বক্তব্যও ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে।

লগতে পঢ়কঃ হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই

ৰাহুল গান্ধীয়ে চৰকাৰক বিদ্ধ কৰিবলৈ ভগৱান শিৱ, গুৰু নানক আৰু যীচু খ্ৰীষ্টৰ ছবি লৈ আহিছিল। ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে ভগৱান শিৱৰ ছবিখন দেখুৱাই কয় যে ভগৱান শিৱই কাকো ভয় কৰিবলৈ আৰু কাকো ভয় খুৱাবলৈ শিকোৱা নাছিল। ২০টা বিষয়ত চৰকাৰক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ ভিতৰত আছে হিন্দু, অগ্নিবীৰ, কৃষক, মণিপুৰ, NEET, নিবনুৱা, বিমুদ্ৰাকৰণ, GST, MSP, হিংসা, ভয়, ধৰ্ম, অযোধ্যা, গুজৰাট, জম্মু-কাশ্মীৰ, লাডাখ, প্ৰধানমন্ত্ৰী আৰু অধ্যক্ষ।

ইপিনে, ৰাহুল গান্ধীৰ বক্তব্যক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীৰ লগতে অমিত শ্বাহ আৰু ৰাজনাথ সিঙে। সংসদত ৰাহুল গান্ধীয়ে হিন্দু সম্পৰ্কীয় বক্তব্য দিয়াৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ পিছতে ৰাহুল গান্ধীৰ বক্তব্যত আপত্তি কৰি আসনৰ পৰা থিয় হয় প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাহুল গান্ধীৰ এই বক্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হিন্দু সমাজক হিংসাত্মক আখ্যা দিয়াটো ভুল। ইয়াৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীৰ বক্তব্যক আপত্তি কৰি কয় যে এয়া কোটি কোটি হিন্দুৰ অপমান। হিংসাক যিকোনো ধৰ্মৰ লগত জড়িত কৰাটো ভুল। ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে।

লগতে পঢ়কঃ বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

আনহাতে, বিজেপিয়ে ৰাহুল গান্ধীক হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ পক্ষ লৈছে। প্ৰিয়ংকাই কয় যে ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মক অপমান কৰা নাছিল। ঋষি-সাধুসকলেও ৰাহুল গান্ধীৰ বক্তব্যক সমালোচনা কৰি হিন্দু সমাজক ক্ষমা বিচৰাৰ দাবী জনায়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd