NORTHEAST NOW (Assamese)

অভ্যাসৰ দোষ! বিমানৰ শৌচালয়ত ধূমপান কৰি গ্ৰেপ্তাৰ যাত্ৰী

March 18, 2023 8:08 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশত চলন্ত বিমানত সংঘটিত নিত্য নতুন খবৰে শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা। গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী ইণ্ডিগ’ৰ এখন বিমানৰ শৌচালয়ত ধূমপান কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এগৰাকী যাত্ৰী।

ধৃত ব্যক্তিগৰাকীক শেহাৰী চৌধুৰী বুলি চিনাক্ত কৰা। যাত্ৰীগৰাকীক শুক্ৰবাৰে বেংগালুৰুৰ কেম্পে গৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰকাশিত বাতৰি অনুসৰি, তেওঁ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা 6E 716 ইণ্ডিগো বিমানেৰে বেংগালুৰুলৈ যাত্ৰা কৰাৰ অসময়ত এই কাৰ্য কৰিছিল।

অভিযুক্ত যাত্ৰীগৰাকীয়ে চলন্ত অৱস্থাতে মাজ আকাশত বিমানৰ শৌচাগাৰত ধূমপান কৰিছিল। এনে কাৰ্যৰ দ্বাৰা বিমানৰ আন যাত্ৰীসকলৰ সুৰক্ষালৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উঠিছিল যাত্ৰীগৰাকীৰ বিৰুদ্ধে।

বিমানখনৰ কৰ্মচাৰীসকলে শৌচাগাৰত চিগাৰেটৰ গোন্ধ অনুভৱ কৰি কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। ইৰ পিছতে বেংগালুৰু বিমানবন্দৰত অৱতৰণৰ লগে লগে তেওঁক জিম্মাত লোৱা হৈছিল।

উল্লেখ্য যে, চলিত মাহৰ প্ৰথম সপ্তাহতো এগৰাকী ২৪ বৰ্ষীয় যুৱতীও কলকাতাৰ পৰা যাত্ৰাৰ সময়ত ইণ্ডিগ’ৰ এখন বিমানৰ শৌচাগাৰত ধূমপান কৰি ধৰা পৰিছিল।

বিমানখন বাংগালুৰুত অৱতৰণ কৰাৰ পিছতে অভিযুক্ত যুৱতীগৰাকী গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে পিছত জামিনত মুক্তি লাভ কৰিছিল যুৱতীগৰাকীয়ে।

Related News