NORTHEAST NOW (Assamese)

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

June 15, 2025 6:45 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 15, 2025 6:05 pm

তুৰস্কৰ ইস্তানবুলৰ পৰা দিল্লীলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় বিমানত মহিলা যাত্ৰীৰ সন্মুখত হস্তমৈথুন কৰা এগৰাকী ৫৮ বছৰীয়া প্ৰবাসী ভাৰতীয় গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। অভিযুক্ত ব্যক্তিগৰাকীৰ ৰাছিয়াৰ পাছপৰ্ট থকা বুলি জানিব পৰা গৈছে।

টাৰ্কিছ এয়াৰলাইন্সৰ বিমান টিকে-৭১৬ত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি মহিলাগৰাকীৰ কাষৰ আসনত বহি হস্তমৈথুন কৰে অভিযুক্তই। লগে লগে ভুক্তভোগীয়ে কেবিন ক্ৰুক খবৰ দিয়ে আৰু তাৰ পিছত তেওঁক আন এখন আসনলৈ স্থানান্তৰিত কৰে।

যেতিয়া বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে তেতিয়া চিআইএছএফ আৰু দিল্লী আৰক্ষীয়ে তেওঁক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ বিৰুদ্ধে আই পি চিৰ ৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Related News