ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে (এফ এছ এছ এ আই) ৰামদেৱৰ পতঞ্জলিক এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। বৰ্তমান বজাৰত থকা ৪ টন ৰঙা জলকীয়াৰ গুড়ি (ৰেড চিলি পাউডাৰ) আঁতৰাবলৈ কোৱা হৈছে। কিন্তু কিয় এনে সিদ্ধান্ত লোৱা হ’ল সেই সন্দৰ্ভত কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই।
খাদ্য সুৰক্ষাৰ নিয়ম উলংঘা কৰাৰ বাবে এফ এছ এছ এ আইয়ে ৰঙা জলকীয়া গুড়িৰ এটা বিশেষ বেচৰ সকলো পেকেট বজাৰৰ পৰা আঁতৰাবলৈ কৈছে। এই বেচটো হৈছে JD2400012। সূত্ৰ অনুসৰি এই নিৰ্দেশ ১৩ জানুৱাৰীত পতঞ্জলিক দিয়া হৈছিল। কিন্তু নিয়ম ভংগ কৰাৰ বাবে কি অৰ্ডাৰ দিয়া হৈছে বা সামগ্ৰীটো আচলতে বজাৰলৈ ঘূৰাই আনিব পৰা যাব নেকি সেয়া স্পষ্ট কৰা হোৱা নাই।
যোগগুৰু বাবা ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ স্বত্বাধিকাৰী বালকৃষ্ণৰ বিৰুদ্ধে অভিযোগ কম নহয়। ইয়াৰ পূৰ্বে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) দাবী কৰিছিল যে পতঞ্জলি আয়ুৰ্বেদে অবৈজ্ঞানিক আৰু বিভ্ৰান্তিকৰ শব্দৰে নিজৰ সামগ্ৰীৰ প্ৰচাৰ চলাইছে। এই অভিযোগৰ ভিত্তিত কোম্পানীটোৰ কেইবাটাও সামগ্ৰী নিষিদ্ধ কৰা হয়। পিছত কোম্পানীটোৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগও উত্থাপন হয়।
পতঞ্জলিৰ ‘দিব্য দন্ত মঞ্জন’ নামৰ এটা প্ৰডাক্ট আছে। ইয়াৰ ওপৰত সেউজীয়া লেবেল আছে। অৰ্থাৎ ই নিৰামিষজাত সামগ্ৰী। কিন্তু এজন অধিবক্তাই দাবী কৰিছে যে এই টুথপেষ্টটো ‘সমুদ্ৰ ফেন’ নামৰ সাগৰীয় মাছ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল। এই অভিযোগৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (এফ এছ এছ এ আই)ৰ পৰা সঁহাৰি বিচাৰে। কেৱল সেয়াই নহয়, পতঞ্জলিলৈও এখন সুকীয়া জাননী প্ৰেৰণ কৰা হয় ।