NORTHEAST NOW (Assamese)

চৰা দামত সামগ্ৰী বিক্ৰী কৰি মুনাফা লাভ; ৰামদেৱৰ পতঞ্জলিক জৰিমনা NAAএ

March 17, 2020 5:55 pm · এন ই নাও নিউজ
ফাইল ফ'টো, সৌজন্য- ইন্টাৰনেট

যোগগুৰু বুলি পৰিচিত ৰামদেৱ ব্যৱসায়িক সাম্ৰাজ্যখনৰ কথা সকলোৱে জানে।

পতঞ্জলি আয়ুবেদ নামৰ প্ৰতিষ্ঠানেৰে বাবা ৰামদেৱে ভাৰতবৰ্ষত ৪,৩৪৫ হাজাৰ কোটিৰ টকাৰ ব্যৱসায় চলাই আছে।

এইবাৰ পতঞ্জলি আয়ুবেদে অধিক দামত সামগ্ৰী বিক্ৰি কৰি অধিক মুনাফা লুটাৰ গুৰুতৰ দোষত শাস্তি ভুগিবলগীয়া হৈছে।

বাবা ৰামদেৱৰ পতঞ্জলি আয়ুবেদক ৰাষ্ট্ৰীয় এন্টি-প্ৰ’ফিটাৰিং এথ’ৰিটিয়ে(NAA) এ জৰিমনা বিহিছে।

ৰামদেৱৰ পতঞ্জলিয়ে আয়ুবেদে উৎপাদিত সামগ্ৰী চৰা দামত বিক্ৰী কৰি অধিক মুনাফা লুটি অহাৰ অপৰাধত NAA এ এই জৰিমনা বিহিছে।

NAAএ কৈছে যে ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলি আয়ুবেদে ২০১৭ চনৰ পৰা উৎপাদিত সামগ্ৰী চৰা দামত বিক্ৰী কৰি ৭৫.০৮ কোটি টকাৰ অবৈধ মুনাফা লুটিছে।

NAAএ কয় পতঞ্জলিয়ে ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে জি এছ টি ২৮% শতাংশৰ পৰা ১৮ %  হ্ৰাস কৰি প্ৰৱৰ্তন কৰাৰ পিছতো পতঞ্জলিয়ে ডিটাৰ্জেন পাউডাৰৰ মূল্য পুনৰ নিৰূপন তথা হ্ৰাস নকৰাকৈ পূৰ্বৰ নিৰিখতে বিক্ৰী কৰি আহি অধিক মুনাফা লুটি আহিছিল।

Related News