শোচনীয় পথ; লখিমপুৰত সত্তৰ বছৰীয়া বৃদ্ধ ৰোগী ঠেলাত উঠি আহিল চিকিৎসালয়লৈ

IMG-20190527-WA0024

লখিমপুৰত ৰোগীক ঠেলাত উঠাই চিকিৎসালয়লৈ অনাৰ দৃশ্য

পথ-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অৱহেলিত হৈ অহা মাজুলীৰ সীমামূৰীয়া পাঠৰিচূক অঞ্চলৰ ৩২ খন গাঁৱৰ জনসাধাৰণে যাতায়তৰ বাবে জীয়াতু ভোগ কৰি আহিবলগা হৈছে।

পাঠৰিচূক অঞ্চলটো লখিমপুৰ জিলাৰ অন্তৰ্গত যদিও শিক্ষা, চিকিৎসা, ব্যৱসায় বাণিজ্যকে ধৰি প্ৰায় সকলো ক্ষেত্ৰত অঞ্চলটোৰ লোকসকল বহু বছৰৰ পৰা মাজুলীৰ লগত জড়িত  হৈ আহিছে। যাতায়ত ব্যৱস্থাৰ কদৰ্যময় ৰূপটোৰ বাবে অঞ্চলটোৰ ৰোগী সকল চিকিৎসালয়লৈ অহাৰ সময়ত নানান হাৰাসাস্তিৰ সন্মুখিন হ’বলগা হয়।

আজি পাঠৰিচূক গাঁৱৰ দনেশ্বৰ পায়েং নামৰ এগৰাকী সত্তৰ বছৰীয়া ৰোগীক একাঠু বোকাৰ ওপৰেৰে ঠেলাত উঠাই চিকিৎসালয়লৈ আনিবলগা হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক ক্ষোভিত কৰি তুলিছে।

বৃদ্ধ ৰোগী গৰাকীক একবিংশ শতিকাৰ আধুনিক যোগাযোগ ব্যৱস্থাৰ সময়ত ঠেলাত তুলি গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ অনা দৃশ্যই সভ্য সমাজক লজ্জিত কৰি তুলিছে।

যোগাযোগ ব্যৱস্থাৰ নামত নৰক যন্ত্ৰণা, এনেদৰেই চলি আছে ৰাজ্যৰ যাতায়ত ব্যৱস্থা। বহু সময়ত বেয়া পথৰ বাবে সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা।

পাঠৰিচূক অঞ্চলৰ ৰাইজে মাজুলীৰ লগত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰক দাবী জনাই অহাৰ পাছত চৰকাৰে এখন কাঠৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যদিও নিৰ্মাণ কাৰ্য্য অতি লেহেমীয়া গতিৰে আগবাঢ়ি বৰ্তমান বন্ধ হৈ থকাত অঞ্চলটোৰ ৰাইজ উদ্দিগ্ন হৈ পৰিছে।