NORTHEAST NOW (Assamese)

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ নতুন দিন ঘোষণা; ৩ মাৰ্চত ৰাতিপুৱা ৬ বজাত ফাঁচি

February 17, 2020 4:45 pm · এন ই নাও নিউজ
নির্ভয়া কাণ্ডৰ চাৰি দোষী

দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে সোমবাৰে প্ৰায় এক ঘণ্টা ধৰি চলা শুনানিৰ অন্তত নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ নতুন দিন ঘোষণা কৰে।

নতুন  পৰোৱানা অনুসৰি দোষী সাব্যস্ত হোৱা অক্ষয় ঠাকুৰ সিং, মুকেশ, পৱন গুপ্তা আৰু বিনয় শৰ্মাক ৩ মাৰ্চত ৰাতিপুৱা ৬ বজাত ফাঁচি দিয়া হ’ব।

ইয়াৰ পূৰ্বে ২ বজাত আৰম্ভ হোৱা শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই তিনি দোষী ক্ৰমে অক্ষয়, বিনয় আৰু মুকেশৰ ক্ষমা আবেদন খাৰিজ হোৱা বুলি কয়।

আন এগৰাকী দোষী পৱন গুপ্তাৰ এতিয়ালৈ ক্ষমা প্ৰাৰ্থনা আৰু কুইৰেটিভ পিটিছন দাখিল কৰিবলৈ বাকী আছিল।

চৰকাৰী অধিবক্তা গৰাকীয়ে উল্লেখ কৰা মতে, উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এইক্ষেত্ৰত দিয়া এক সপ্তাহৰ সময়সীমা ১১ ফেব্ৰুৱাৰিত উকলি গৈছে।

বৰ্তমান কোনো দোষীৰ কোনোধৰণৰ আবেদন কোৰ্টত দাখিল কৰিব পৰা নাযাব বুলি অধিবক্তা গৰাকীয়ে লগতে কয় যাৰ বাবে নতুন মৃত্যুৰ পাৰোৱানা দাখিল কৰিব পৰা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে চাৰি দোষীক ফাঁচিৰ পৰোৱানা জাৰি কৰিছিল।

পূৰ্বে জাৰি কৰা পৰোৱানা অনুসৰি ২২ জানুৱাৰিত চাৰি দোষীক ৰাতিপুৱা ৭ বজাত ফাঁচি দিয়াৰ কথা আছিল।

বৰ্তমান চাৰি দোষী তিহাৰ কাৰাগাৰত বন্দী হৈ আছে।

২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীত এগৰাকী ২৩ বছৰীয়া চিকিৎসা ছাত্ৰীক ধৰ্ষণ-হত্যাৰ দেশ কঁপোৱা ঘটনাটো সংঘটিত হৈছিল।

সমগ্ৰ দেশত প্ৰতিবাদৰ মাজত ১৩ দিন মৃত্যুৰে যুঁজি ২৯ ডিচেম্বৰত যুৱতীগৰাকীয়ে হাৰ মানিছিল।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দোষীকেইজনে দাখিল কৰা পুনৰ বিবেচনাৰ আৱেদন অগ্ৰাহ্য কৰিছিল।

Related News